ঋণ আদায় কৰাৰ বাবে বেংকটোৱে 'গান্ধিগিৰি ব্যৱহাৰ কৰি চোৱাৰ চেষ্টা কৰিব (আপোনাৰপৰা)। এয়া কৰাৰ বাবে বেংকে তলত দিয়া দুটা কামৰ এটা কৰিবলৈ সিদ্ধান্ত লোৱা হৈছেঃ ১) আপোনাৰ ঘৰৰ সমুখত তম্বু তৰি প্ৰতিবাদ, ২) বেল বজোৱা।
"এই কামবোৰৰ ফলত আপোনাৰ সামাজিক স্থিতি আৰু ভাৱমূৰ্তি বিপদাপন্ন হোৱাৰ সম্ভাৱনা থাকিব।"
এনেদৰেই ওচমানাবাদৰ চেণ্ট্ৰেল কোঅপাৰেটিভ বেংক (ওডিচিচি) য়ে তেওঁলোকৰ ২০ হাজাৰ গ্ৰাহকক ৰাজহুৱাকৈ অপমান আৰু ঠাট্টা-মস্কৰা কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই গ্ৰাহকসকলৰ প্ৰায়ভাগেই ভালেকেইবছৰৰ হতাশাৰ মাজেৰে কটোৱা কৃষক। কেতিয়াবা যদি শস্যৰ উত্পাদন ভাল নহয়, কেতিয়াবা আকৌ প্ৰাচুৰ্য্যৰ ফলত দৰ অভাৱনীয় হাৰত কমি যায়। তদুপৰি নেৰানেপেৰা খৰাং আৰু পানীৰ অভাৱে তেওঁলোকৰ ঋণ পৰিশোধৰ ক্ষমতাত মোক্ষম আঘাত কৰিছে। আকৌ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোট অচল কৰা বুলি ঘোষণা কৰাটোৱে। ইয়াৰ ফলত তেওঁলোকে শ্ৰমিকৰ দৈনিক হাজিৰাৰ টকা আদায় দিবপৰা নাই। "৯ নবেম্বৰৰ পিছৰেপৰা কৃষিশ্ৰমিকসকলক এটকাও নগদ ধন দিয়া হোৱা নাই," খেড় গাঁৱৰ খেতিয়ক এচ.এম. গাভালে কয়। "সকলোৱে ভোকত কলমলাইছে।"
বেংকৰ পত্ৰখনত (মাৰাঠী ভাষাৰ পত্ৰখনৰ অসমীয়া ভাঙনি কাহিনীটোৰ শেষত দিয়া হৈছে) জমাকৰ্তাই নগদ ধন উইড্ৰ কৰিব নোৱাৰাৰ বাবে খেতিয়ককে দোষী কৰা হৈছে। আৰু তেওঁলোকক সাৱধানবাণী শুনোৱা হৈছেঃ "আপুনি জনা উচিত যে এনে কাৰণত কোনোবা জমাকৰ্তাই আত্মহত্যা কৰিলে তাৰবাবে তাৰবাবে আপোনাক দোষী সাব্যস্ত কৰা হ'ব…"
এনে পৰিস্থিতিত খেতিয়ক আৰু তেওঁলোকৰ পৰিয়ালক ভাবুকি দিয়া 'ৰিকভাৰী টিম'য়ে গাঁওবোৰলৈ যোৱা মানেই গাওঁবোৰত চিন্তা আৰু হতাশাৰ ডাঁৱৰে আৱৰি ধৰে। উল্লেখ্য যে ২০ হাজাৰ খেতিয়কে মিলি সৰ্বমুঠ ১৮০ কোটিমান টকা ওডিচিচি বেংকক পৰিশোধ কৰিবলৈ বাকী আছে। মাত্ৰ দুটা চেনীৰ কাৰখানা, টেৰনা আৰু থুলজাভৱানীয়ে সেই একেটা বেংককে ৩৫২ কোটি টকা দিবলৈ আছে। কিন্তু ক্ষুদ্ৰ খেতিয়কবোৰৰ ওপৰত শেনটো হৈ পৰা বেংকৰ নীতি আকৌ শক্তিশালী কোম্পানীৰ আগত ফেচাটো হৈ পৰে। "কাৰখানাকেইটা বন্ধ কৰি দিয়া হৈছে," ওডিচিচিৰ কাৰ্যবাহী সঞ্চালক বিজয় ঘোনচে পাটিলে কয়। গতিকে তাতে কোনোধৰণ 'গান্ধিগিৰি' নচলে। আনকি তাতে কোম্পানীকেইটাৰ মূল্যবান মাটিখিনিও বেংকে জব্দ কৰা নাই বা নিলামত দিয়া নাই।
"'গান্ধিগিৰি'ৰ এই ধাৰণা শ্ৰী অৰুণ জেটলীৰ ভাষণৰপৰাই অনুপ্ৰাণিত হৈ কৰা।" ঘোনচে পাটিলে কয়। এইজনা সঞ্চালকেই লিখা পত্ৰখনতেই গাঁৱত ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটাইছে। ওচমানাবাদ চহৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ত হোৱা কথা-বতৰাত তেওঁক আত্মপক্ষ সমৰ্থন কৰা দেখা গ'লঃ "সংসদৰ বাজেট অধিবেশনৰ সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ডিফল্টাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাৱধানবাণীৰ ওপৰত ভিত্তি কৰিয়ে এনে পদক্ষেপ লোৱা হৈছে।"


