নাগপুৰ গ্ৰামীণ (মহাৰাষ্ট্ৰ): গোটেই বিদৰ্ভখন ৪৭ ডিগ্ৰী চেলচিয়াছত জ্বলি আছে যদিও এই ঠাইখন খুবেই ঠাণ্ডা। আমাৰ পৰা অকণমান দূৰত থকা সেই ঠাইখিনিত মাইনাছ ১৩ ডিগ্ৰী চলি আছে। এয়া দেই পুৰি নিয়া তপত বিদৰ্ভত “ভাৰতৰ প্ৰথমখন তুষাৰগৃহ”। বৰফবোৰ নগলাকৈ ৰাখিবলৈ কেৱল বিদ্যুতৰ মাচুলেই হয়গৈ দিনে ৪,০০০ টকা।
নাগপুৰ (গ্ৰামীণ) জিলাৰ বাজাৰগাওঁ গাওঁ পঞ্চায়তত থখা ফান এণ্ড ফুড ভিলেজ ৱাটাৰ এণ্ড এমিউজমেণ্ট পাৰ্কলৈ স্বাগতম। মহাত্মা গান্ধীৰ ছবি এখনে এই বিশাল চৌহদৰ অফিছটোলৈ আপোনাক আদৰণি জনাইছে। নিতৌ ডিস্কো, আইচ স্কেটিং, আইচ শ্লাইডিং আপনি পাবই। লগতে ‘ককটেইলৰ সৈতে ভাল ষ্টক মজুত থকা বাৰ’ এখনো তাত আছে। ৪০ একৰ মাটিত বিয়পি থকা এই পাৰ্কখনত ১৮ বিধ ৱাটাৰ শ্লাইড আৰু খেল আছে। আলোচনাচক্ৰৰ পৰা আৰম্ভ কৰি কিটি পাৰ্টিলৈকে আয়োজন কৰিবপৰা সুবিধা এই পাৰ্কখনত আছে।
পাৰ্কখন য’ত আছে, বাজাৰগাওঁ – ৩ হাজাৰ জনসংখ্যাৰ সেই গাওঁখনেই জলসংকটত ভুগি আছে। “পানী আনিবলৈ এইখন গাঁৱৰ মহিলাই কেবাবাৰো তাঁত বাতি কাঢ়িবলগীয়া হয়, তেনেকৈ প্ৰতিদিনে ১৫ কিলোমিটাৰ পৰ্য্যন্ত তেওঁলোকে খোজ কাঢ়ে,” সৰপঞ্চ যমুনাবাঈ উইকেয়ে কয়। “এই গোটেই গাওঁখনত এটাই মাত্ৰ চৰকাৰী কুঁৱা আছে। কেতিয়াবা আমি চাৰি বা পাঁচদিনৰ মূৰকত পানী পাও। কেতিয়াবা দহ দিনৰ মূৰত এবাৰ।”
খৰাংপীড়িত অঞ্চল হিচাপে ২০০৪তে ঘোষিত অঞ্চলৰ ভিতৰত এই বাজাৰগাওঁখন পৰে। আগতে এনে দুৰৱস্থা কেতিয়াও হোৱা নাছিল। গাওঁখনৰ দুৰৱস্থা ইয়াতেই শেষ হোৱা নাই। গাওঁখনে ছঘণ্টাকৈ এটা সময়ত বিদ্যুতৰ যোগান পাইছিল, মে’ মাহৰ অসহ্যকৰ গৰমত বিদ্যুতৰ কৰ্তন হৈছিল। স্বাস্থ্যকে ধৰি দৈনিক জীৱন ব্যাহত হৈছিল, পৰীক্ষাত বহিবলগীয়া ল’ৰা-ছোৱালীৰ পঢ়া খতি হৈছিল। গ্ৰীষ্মকালৰ উষ্ণতা ৪৭ ডিগ্ৰী চেলচিয়াছ হওঁতে পৰিস্থিত আৰু বিষম হৈ পৰিছিল।
গাঁৱৰ এই কঠোৰ জীৱনৰ ছায়াকণো পিছে ফান এণ্ড ফুড ভিলেজত নাই। বাজাৰগাওঁখনে সপোনতো ভাবিব নোৱাৰে, সিমান পানী এই ব্যক্তিগত মৰুদ্যানখনত আছে। বিদ্যুতৰ যোগান এক ছেকেণ্ডো ব্যাহত হোৱাৰ কথাও গাওঁখনৰ কল্পনাৰ বাহিৰত। “আমি গঢ় হিচাপত মাচুল পৰিশোধ কৰো,” পাৰ্কখনৰ মহাপ্ৰবন্ধক জচজীত সিঙে কয়, “মাহে ৪ লাখ টকা মান বিল আহে।”






