এইবছৰ গালতাৰেৰ অইন মহিলাৰ দৰে মমতাইও তিনি কিলোমিটাৰ দুৰত থকা এটা কুঁৱালৈ প্ৰখৰ ৰ’দ নেওচি দৈনিক যাত্ৰা আৰম্ভ কৰিছে। তাকো আগৰ বছৰবোৰতকৈ বহুদিন আগেয়ে এই যাত্ৰা আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱাডা তালুকৰ গালতাৰে গাঁৱৰ কুঁৱা দুটা ইতিমধ্যে ফেব্ৰুৱাৰীতে শুকাইছে। গাঁৱৰ মানুহে কোৱা মতে যোৱা বছৰ সেই কুঁৱা দুটাৰ পৰা ৰন্ধা-বঢ়া আৰু খোৱা পানী মে’ মাহৰ শেষলৈকে তুলিব পৰা গৈছিল। তাৰে পানী শুকুৱাৰ পিছত মহিলাসকলে দূৰণিবটীয়া ঠাইলৈ খোজ কাঢ়ি যাবলগীয়া হয়। তাতো পানী কমেই থাকে। কিন্তু এইবাৰ ২০১৯ত পানীৰ সংকট বহু আগেয়েই দেখা দিলে।
‘প্ৰতিবাৰেই গ্ৰীষ্মকালত মই পানীৰ সমস্যাৰ সমুখীন হওঁ, কিন্তু এইবাৰ পানীৰ সকলো উৎস শুকাই যাব ধৰিছে,’ ৪২ বৰ্ষীয় মানালী পাণ্ডেয়ে কয়। মমতাৰ দৰে তেওঁ নিজেও দিনে ১৫৫ টকাৰ বিনিময়ত চাফাই কৰ্মী হিচাপে এটা ডাঙৰ মন্দিৰৰ প্ৰাংগণত কাম কৰে। তাতে তেওঁৰ গিৰীয়েকেও বাহন চালক হিচাপে কাম কৰে। ‘আমাক এবাৰো টেংকাৰেৰে পানী দিয়া হোৱা নাই আৰু কিনিবলৈকো আমাৰ পানী নাই,’ মানালীয়ে কয়।
গাঁৱৰ পৰা আধা কিলোমিটাৰ মান দুৰেৰে পাৰ হৈ যোৱা বৈতৰ্ণা নৈখন গালতাৰেৰ ২,৪৭৪ বাসিন্দাৰ (২০১১ৰ লোকপিয়ল মতে) বাবে পানীৰ অন্যতম উৎস। বাসিন্দাসকলৰ প্ৰায়ভাগেই কোলি মলহাৰ আৰু ৱাৰ্লি সম্প্ৰদায়ৰ (লোকপিয়লত ভাৰ্লি হিচাপে অন্তৰ্ভূক্ত)। এইবছৰ মে’ মাহৰ পৰা নৈখনৰ বুকুত শিলহে দেখা গৈছে, পানী খুবেই কম। যোৱাবাৰ গ্ৰীষ্মকালত গালতাৰেৰ মানুহে কোৱা মতে বৈতৰ্ণাত পানী এইবাৰতকৈ বেছি আছিল। ‘নৈখনত (এতিয়া) থকা সামান্য পানীখিনিৰে এতিয়া গৰু- ছাগলীক গা ধুওৱা হয় আৰু সেই একেই লেতেৰা পানী গাঁৱৰ নলবোৰলৈ যায়,’ মানালীয়ে কয়।












