অভাৱৰ সৈতে দলিত কলনীৰ লোকসকল পৰিচিত| ১৯৯০ ৰ আগলৈকে অঞ্চলটোৰ বিভিন্ন গাৱঁৰ ইয়াৰ বহুতো লোক বন্ধা শ্রমিক আছিল| তেওঁলোকে এতিয়াৰ এই অৱস্থাত পূর্বৰ সেই অভাৱৰ দিনবোৰৰ কথা মনত পেলাইছে| তেওঁলোকে কয় য়ে এয়া অভাৱ যথেষ্ট কম| ৩০ বছৰৰ আগতে খৰাংপীড়িত হৈ ভোগ কৰা নিদাৰুণ অনাটনতকৈ এইবাৰৰ অনাটন (বিমুদ্রাকৰণৰ ফলত) বহুত ভাল| মই যেতিয়া ২০ বছৰীয়া আছিলো, আমি কেতিয়াবা একেৰাহে তিনি-চাৰি দিন নোখোৱাকৈ আছিলো| তেতেলী গছৰ পাত চিঙি আনি পানীত তিয়াই থৈ তাকে খাইছিলো, নহলে জীয়াই থাকিবৰ বাবে কেতিয়াবা তাল গছৰ সাহ উলিয়াই খাইছিলো| সেই সময়ত মই ১৪ বছৰৰ বাবে জিঠাগাড়ু (বন্ধা শ্রমিক) আছিলো| বর্তমান ৪৯ বছৰ হোৱা নাৰায়নাপ্পাই এইদৰে নিজৰ নিদাৰুণঅতীতৰ কথা দোহাৰে।
গাৱঁৰ কৃষি পামত বা পথাৰত খেতিৰ কাম কৰাৰ সুবিধা এতিয়া বছৰৰ কেবামাহ কাম বিচাৰি আন ঠাইলৈ যায়| নাৰায়নাপ্পাৰ পৰিয়ালৰ মানুহে কাম কৰিবলৈ বাংগালুৰুলৈ যায়| তিনি-চাৰি মাহত এবাৰ ঘৰলৈ আহে| চহৰৰ নির্মাণ সংস্থাত তেওঁলোকে কাম কৰে, যিবোৰ অট্টালিকা নির্মাণ কৰে, সেইবোৰৰ একেবাৰে ওপৰৰ চালিত তেওঁলোক থাকে| কঠিন কামৰ বিনিময়ত পোৱা ধনেৰে তেওঁলোকে পেটপূৰাই খাইছিল| আমি দুসাজ ভাত যিকোনো প্ৰকাৰে খাও, নাৰায়নাপ্পাই কয়| বিমুদ্রাকৰণে আমাৰ মুখৰ ভাত মুঠিও কাঢ়ি নিলে|
নৱেম্বৰৰ প্ৰথম সপ্তাহত নাৰায়নাপ্পাৰ পৰিয়াল যেতিয়া বুচার্লালৈ ঘুৰি আহিল, তেতিয়া কৃষি পাম বোৰত কাম নোহোৱা হল, তেতিয়া হাতত থকা জমা ধনেৰে সকলো ক্ৰয় কৰিব লগা হল|
গাওঁখনৰ আন জাতিৰ লোকসকলৰ দিনবোৰ সামান্য ভালেৰে গৈছে-ভড়ালত থকা খাদ্যশস্য ইঘৰে সিঘৰে মিলাই লৈছে বা জমা থকা টকা ইজনে সিজনৰ পৰা ধাৰে লৈ কোনোমতে চলিছে| কিন্তু নাৰায়নাপ্পাৰ জাতিৰ মানুহৰ খাদ্যবস্তু জমা নাই আৰু গাওঁখনৰ আন জাতিৰ মানুহৰ পৰা ধাৰলৈ পোৱা ইমান সহজ নহয়|
আমি আম্বেদকাৰৰ মানুহ| কিয় তেওঁলোকে আমাৰ পৰা টকা ধাৰলৈ নাপায় সেই সম্পর্কে নাৰায়নাপ্পাই ব্যাখ্যা কৰিলে| বা গাওঁখনৰ আনজাতৰ মানুহৰ চাউল-দাইল জমা থাকিলেও তেওঁলোকে পোৱা সম্ভৱ নহয় বুলি কয়| তেওঁ নিজৰ জাতিটোৰ নাম (মাড়িগা) কব বিচৰা নাছিল| সময়ত তেলুগু ভাষাত ইয়াক নিন্দাসূচক শব্দৰূপে ব্যৱহাৰ কৰিছিল| তদুপৰি তেওঁ এতিয়া নিজকে অভাৱী বুলি নাভাবে| এতিয়া আমাৰ সন্মান আছে| কোনোবাই আমাক খাবলৈ দিলেও আমি নাখাও| লাগিলে আমি সামান্য কিবা খাই থাকিম| কিন্তু আনক ভালকৈ খাইছো বুলি কম| নাৰায়নাপ্পাই কয়|