থানে আৰু পুণেত বহুতো খেতিয়কে ক্রেতাৰ অভাৱত বজাৰতে শাক-পাচলি এৰি থৈ উভতি আহিছিল, সংবাদ মাধ্যমত এনেবোৰ কথা প্ৰকাশ পাইছিল।
নাগপুৰৰ পৰা ১৬০ কিলোমিটাৰ মান নিলগৰ আমৰাৱতীৰ হিৱাৰখেদ গাঁৱলীযা বজাৰত সামগ্রীৰ মূল্য দ্রুত গতিত হ্রাস পোৱাৰ প্ৰতিবাদত খেতিয়ক সকলে পথৰ ওপৰতে কমলা টেঙা দমাই হৈছিল।
ব্যৱসায়ীয়ে ক্রয় নকৰাৰ বাবেই মূল্য হ্রাস পাবলৈ ধৰে। অধিকাংশ খেতিয়কে পুৰণি মুদ্রা লব নিবিচৰাত ব্যৱসায়ীয়েও সামগ্রী ক্রয় নকৰা হল।
অদূৰদর্শী পৰিকল্পনাৰ বিমুদ্রাকৰণৰ বাবেই কৃষকসকলৰ এনে বিপৰ্যয় হৈছে নে, নতুন মুদ্রা ক্রেতাৰ পৰা পোৱাৰ আশাত ৰৈ থাকোতে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে।
১৬ নৱেম্বৰ, বুধবাৰে, নাগপুৰৰ পৰা ৭০ কিলোমিটাৰ ৱার্দ্ধা জিলাৰ ছেলু নগৰৰ মান্দিত উপস্থিত হোৱা ৩৮ বছৰীযা সুদাম পাৱাৰেই এক মাত্র খেতিয়ক তেওঁ নিজৰ ৭০ কুইন্টল কপাহৰ সেই মান্দিত বিক্রী কৰিছিল।
ক্রেতা ব্যৱসায়ীয়ে কপাহৰ মূল্য তেওঁৰ বেংকৰ একাউন্টত জমা দিছিল। আমগাঁও গাঁৱৰ পূর্বৰ গাওঁবুঢ়া (সাৰপাঞ্চ) পাৱাৰে ব্যৱসায়ীৰ প্ৰস্তাৱৰ প্ৰতি সন্মান জনাইছিল। কোনো অসুবিধা নোহোৱাকৈ ধনখিনি তেওঁৰ একাউন্টত জমা হৈ গল।
পাৱাৰে কয য়ে তেওঁৰ কথা জানিব পাৰি সেই দিনাই পিচবেলালৈ আন আঠজন খেতিয়কে মান্দিত পুৰণি মুদ্রা লৈ ৮০ কুইন্টন কপাহ বিক্রী কৰিলে। আন বিক্রেতা নোহোৱাত ব্যৱসায়ীয়ে প্ৰতি কুইন্টলত ৫০০০ টকা দামত তেওঁলোকৰ কপাহ ক্রয় কৰে, এই মূল্য বজাৰ দৰতকৈ অলপ বেচি আছিল। বজাৰত সেই সময়ত প্ৰতি কুইন্টলৰ মূল্য আছিল ৪৭৫০-৪৯০০ টকা পৰ্যন্ত।
কিন্তু আন কৃষকসকলে কিয় তেওঁলোকক দেখি কপাহ বিক্রী নকৰিলে পাৱাৰে তাৰ কাৰণ ব্যাখ্যা কৰেঃ কৃষি ঋণ লৈ থোৱা বেংকত তেওঁলোকৰ উপস্থিতিত ধনখিনি জমা কৰিবলৈ প্ৰায়বোৰ খেতিয়কে ভয় কৰিলে। বহুতে দীর্ঘদিন ধৰি ঋণ আদায দিয়া নাই। পৰিয়ালৰ ভৰণ-পোষণ দিব লাগে, ফলত বেংকৰ ঋণ পৰিশোধ কৰিব পৰা নাই, উপার্জন যথেষ্ট নোহোৱাত বছৰৰ পিচত বছৰ ঋণ পৰিশোধ কৰিব পৰা নাই।
উপাৰ্জনৰ ধন এবাৰ যদি বেংকৰ একাউন্টত সোমায় তেনেতে বেংক তেওঁলোকক টকা উলিয়াই আনিবলৈ নিদিব বুলি ভয় খাইছে, মার্চৰ মাহৰ ভিতৰত ঋণ পৰিশোধ কৰিবলৈ প্ৰয়োজন হোৱা ধন বেংকৰ একাউন্টত ৰাখি থবলৈ তেওঁলোকক হেচাঁ দিব। কৃষকসকলে জানে য়ে ইয়াৰ ফলত তেওঁলোক সাংঘাটিক বিপদত পৰিব।
কৃষকৰ একাউন্টত জমা হোৱা ধনৰ পৰা পৰিশোধ কৰিবলৈ বাকী থকা ঋণৰ এককভাৱে কর্তন কৰিবলৈ বেংকসমূহক চৰকাৰে নির্দেশ দিয়া নাই, কিন্তু বেংকে পূর্বে এনেকুৱা কৌশল খটুৱাই কৃষকৰ ধন আদায় কৰিছিল। বেংকে এই কথা ভালকৈয়ে জানে যে পিচৰ বছৰৰ বাবে কৃষকে পুনৰ ঋণ বিচাৰি তেওঁলোকক আমনি কৰিব নোৱাৰে।
পাৱাৰে কয, মোৰ নামত বেংকত ঋণ নাই, সেযে মই বেংকত ধন জমা দিযাৰ ক্ষেত্ৰত আপত্তি কৰা নাছিলো, আনহাতে নগদ ধনৰ ইমান জৰুৰী আৱশ্যক মোৰ হোৱা নাই। খেতিৰ বাবে লোৱা ঋণ মোৰ দেউতাৰ একাউন্টৰ লগত জড়িত গতিকে পৰিশোধ কৰিবলৈ বাকী থকা ধন বেংকে মোৰ একাউন্টৰ পৰা কর্তন কৰিব নোৱাৰে
মান্দিত কপাহ বিক্রী কৰা আন আঠজন কৃষকৰো ধনৰ জৰুৰী প্ৰযোজন নাছিল বুনি তেওঁ কয়। কিন্তু অধিকাংশ ক্ষুদ্ৰ খেতিয়ক, যিসকলে পেটেভাতে খাই কৃষিকাৰ্য চলাই আছে আৰু আন উপাৰ্জন নাই, তেওঁলোকে চেক বা মানি ট্রেন্সফাৰৰ প্ৰস্তাৱ গ্রহণ কৰিব নোৱাৰে। এইদৰে কয় পাৱাৰে।
প্ৰধানকৈ ছযবীন আৰু কপাহৰ খেতি কৰা প্ৰায় ১০০ খন গাঁৱলৈ সেৱা আগবঢ়াই অহা ছেলুত থকা কৃষিজাত সামগ্রীৰ বজাৰ কমিটি মান্দিতৰ উপ সভাপতি তথা খেতিযক ৰামকৃষল্ল উমাথে কয়, বিমুদ্রাকৰণে খেতিয়সকলক ধ্বংস কৰিছে, প্ৰায় এসপ্তাহ ধৰি ক্রেতা-বিক্রেতা আমাৰ বজাৰলৈ নাই অহা বুনি কব পাৰি।