তেওঁৰ চকু কপালত উঠিল। আটাইকেখন নোটৰ নম্বৰ অনুক্রমিক। এনেকুৱা লাগে যেন বেংকৰ পৰা প্ৰথমবাৰৰ বাবে উলিযাই আনিছে। কোনোবা গুপ্ত ভাণ্ডাৰৰ পৰা ৫০০ টকাৰ নোট কেইখন উলিযাই আনিছে বুলি উমেশে ভবাৰ থল আছে। অনন্তপুৰৰ ব্যৱসায়ীযে বৃহত্ পৰিমানৰ ক'লা টকা ব্যৱহাৰ কৰিছে বুলি সাৰ বিক্রেতা উমেশে সন্দেহ কৰিবলৈ ধৰে। সেই ব্যৱসায়ীসকল নিকটৱর্তী জিলা বা তামিলনাডুৰ হ'ব পাৰে। তাড়িমাৰি ১১ খন গাঁৱৰ ৩২,৩৮৫ জন বাসিন্দা একবাৰে গ্রাম্য আৰু তেওঁলোকৰ সাক্ষৰতাৰ মান অতি নিম্নগামী। সেয়ে এনে ব্যৱসায়ীযে খেতিয়সকলৰ পৰা শস্য ক্রয় কৰিবলৈ ক'লা টকা ব্যৱহাৰ কৰিব পাৰে বুলি উমেশে সন্দেহ কৰিবলৈ ধৰে।
উমেশৰ দৰে দুই এজনৰ বাদে তাড়িমাৰি গাঁৱৰ প্ৰত্যেকেই বিমুদ্রাকৰণৰ ফলত বিপৰ্যস্ত হল। উমেশে পুৰণি মুদ্রা গ্রহণ কৰি তেওঁৰ বেংকত থকা একাউন্টত বৈধ্য ব্যৱসায়ৰ উপাৰ্জন ৰূপে জমা কৰে। বিমুদ্রাকৰণৰ পিচত খেতিযসকলে পুৰণি মুদ্রাৰে ঋণ পৰিশোধ কৰিবলৈ ধৰে।
উমেশৰ সাৰৰ দোকানৰ ওচৰতে থকা তাড়িমাৰিৰ সুৰা বিপনীতো বিক্রী বৃদ্ধি পাবলৈ ধৰিছে কাৰণ কর্তৃত্ব পোৱা বা নোপোৱা সকলো সুৰা বিপনীযে পুৰণি মুদ্রা গ্রহণ কৰিবলৈ আৰম্ভ কৰি দিয়ে।
এই ৫০ টকা আমি ঘূৰাই পালো। সুৰাৰ নিচা কিছু পৰিমানে অপ্ৰকৃতিস্থ হৈ পৰা চিনা গংগান্নাই আমাক দেখুৱালে। ৮ জন আন কর্মহীন কৃষি শ্রমিকৰ সৈতে গংগান্নাই ১০০০ টকাৰ পুৰণি নোটেৰে সুৰা ক্রয কৰি পান কৰে। ৫০০ টকাৰ এখন পুৰণি নোট ভঙাবলৈ সুৰাবিপনীৰ পৰা কমেও ৪০০ টকাৰ সুৰা ক্রয কৰিব লাগিব।
সুৰা ক্রয় কৰাৰ জৰিয়তে পুৰণি নোট চলোৱাৰ সহজ উপায তাড়িমাৰিৰ বহুতেই অৱলম্বন কৰিবলৈ ধৰিছে। মই কাম শেষ কৰি প্ৰতিদিনে এটা কোৱাটাৰ বটল পান কৰো। এজন কৃষকৰ পথাৰত ট্রেক্টৰৰ চালকৰূপে দিন মজুৰী কৰা এছ নাগভূষনে কয। স্থানীয় সুৰাৰ এটা কোৱাটাৰ বটলৰ দাম এই অঞ্চলত ৬০-৮০ টকা। এতিয়া নাগভূষণে আগতে যিমান পান কৰিছিল, আৰু চাৰি-পাচঁগুণ অধিক সুৰাপান কৰিবলৈ লৈছে। তেওঁৰ দৈনিক মজুৰী ৫০০ টকা। বর্তমান তেওঁ কর্মহীন। যিখিনি ধন জমা আছে-সেয়া পুৰণি মুদ্রা। গতিকে সকলো ধন সুৰাৰ বিপনীত ব্যয় কৰিছে।
নাগভূষণৰ দৰে এইবাৰ তাড়িমাৰিৰ আন কৃষি শ্রমিকসকলেও কাম বিচাৰি হাহাকাৰ কৰিবলগীযা হৈছে। অনন্তপুৰত চলিত বর্ষত অপৰ্যাপ্ত বৰষুণৰ বাবে বাদামৰ খেতি একেবাৰে হতাশজনক হৈ পাৰ। বহুতো খেতিযকে খেতিত লোকচান ভৰাৰ ফলত কৃষিশ্রমিকসকলৰ বাবেও মজুৰী দিনৰ অভাৱ হল।
তাড়িমাৰি মণ্ডলৰ বাদাম খেতিযকসকলে সাধাৰণতে দীপান্বিতাৰ পিচত তেওঁলোকৰ শস্য চপায়, প্ৰায় নৱেম্বৰ মাহলৈকে শস্য চপোৱা কাম চলাই থাকে আৰু গোটেই ডিচেম্বৰ মাহটো তেওঁলোকে উত্পাদিত বাদাম বিক্রী কৰে। তেওঁলোকৰ পথাৰত কাম কৰা শ্রমিকসকল দৈনিক অথবা প্ৰতি সপ্তাহত মজুৰী আদায দিযায়া নহয়। বছৰটোৰ শস্য চপোৱাৰ পিচত জমা হৈ থকা মজুৰী শ্রমিকসকলক আদায় দিযা হয়। সেই বাবেই এই সমযত প্ৰতিজন খেতিত যথেষ্ট টকাৰ প্ৰয়োজন হয়।
উত্পাদিত শস্য বিক্রী কৰা ধনেৰেই খেতিয়কে তেওঁলোকৰ নিজৰ ভিতৰতে অনানুষ্ঠানিকভাবে প্ৰতিমাহে শতকৰা ২ টকা হাৰৰ সুদত লোৱা ঋণৰ ধনো পৰিশোধ কৰিব লগীযা হয়। এই ধন যদি আমি এতিযা ঘূৰাই নিদিও, তেন্তে সুদ বৃদ্ধি হৈ থাকিব। তাড়িমাৰি গাঁৱত ১৬ একৰ খেতিৰ মাটি থকা কৃষক টি ব্রহ্মানন্দ ৰেড্ডীযে এইদৰে কয়।
বিমুদ্রাকৰনৰ এসপ্তাহৰ পিচত ৰেড্ডীযে তেওঁৰ উত্পাদিত বাদাম বিক্রী কৰিলে। আন জিলাৰ পৰা অহা ক্রেতা ব্যৱসায়ীযে পুৰণি ৫০০ আৰু ১০০০ টকাৰ নোটেৰে তেওঁৰ ধন আদায দিলে। বেংকত থকা একাউন্টত তেওঁ ধনখিনি জমা কৰিলে। ঋণ পৰিশোধ কৰিবলৈ আৰু শ্রমিকসকলৰ পৰিশ্রমিক আদায় দিবলৈ সৰহকৈ নতুন মুদ্রাৰ আৱশ্যক হৈছে। কিন্তু তাড়িমাৰি মণ্ডলৰ বেংকবোৰত নতুন মুদ্রাৰ গুৰুতৰ নাটনি হৈছে।