দেৱাশিস মণ্ডলে তেওঁৰ ঘৰটোৰ ভগা দেৱালখনলৈ উদাসমনে চাই আছিল। ৩৫ বছৰৰৰ আগেয়ে তেওঁ জন্মলাভ কৰা ঘৰটো এতিয়া ভগা-ছিগা ইটাৰ আৰু কংক্ৰিটৰ টুকুৰা আৰু খহি পৰা চালৰ সমষ্টি হৈ পৰি আছে।
উত্তৰ কলকাতাৰ তাল্লাহ দলঙৰ তলত ৬০ টা পৰিয়ালে বসবাস কৰা চুবুৰীটো যোৱা ১১ নৱেম্বৰত ধ্বংসস্তুপলৈ পৰিণত হ’ল। সেইদিনা পুৱা প্ৰায় ১০-৩০ বজাত লগত আৰক্ষী লৈ স্থানীয় পৌৰ নিগমৰ কৰ্তৃপক্ষ আৰু গড়কাপ্তানী বিভাগৰ মানুহ আহিছিল। ঘৰ ভাঙিবলৈ সিহঁতে শ্ৰমিক লৈ আহিছিল। দুদিন পিছত পকী ঘৰ-দুৱাৰ ভঙাৰ বাবে বুলড’জাৰ আনিছিল। বস্তিটো সম্পূৰ্ণ উৎখাত কৰিবলৈ প্ৰায় এসপ্তাহ সময় লাগিছিল। আধা ভগা দুটা ঘৰ এতিয়াও ঠিয় হৈ আছে, ইফালে দিনহাজিৰা কৰা সকলে (ডিচেম্বৰত) মাটিখিনি সমান কৰিবলৈ আৰু ঘৰৰ ধ্বংসাৱশেষবোৰ আঁতৰাবলৈ কাম কৰি আছিল।
বিটি ৰোডৰ নজৰুল পল্লি লেনৰ ওপৰত তাল্লাহ দলংখন নিৰ্মাণ কৰা হৈছিল। বস্তিবাসীসকলৰ অনুমান মতে গড়কাপ্তানী বিভাগৰ মাটিত চুবুৰীটো নিৰ্মাণ কৰা হৈছিল।
‘যেন বিনামেঘে বজ্ৰপাতৰ পৰিল!’ মাহে ৯০০০ টকা দৰমহাৰ এম্বুলেঞ্চ চালক দেৱাশিসে কয়। তেওঁৰ পিতৃয়ে জন্মগ্ৰহণ কৰা খেৰ-বাঁহেৰে নিৰ্মাণ কৰা ঘৰটোৰ ঠাইত এটা পকীঘৰ নিৰ্মাণ কৰিবলৈ স্থানীয় ঋণদাতা আৰু বন্ধুৰ পৰা দেৱাশিসে ১.৫ লাখ টকা ঋণলৈ আনিছিল। সুন্দৰবনৰ উত্তৰ ২৪ পাৰগানা জিলাৰ সন্দেক্ষাহালি ২ নং ব্লকৰ পৰা কেইবাদশকৰ আগতে কাম বিচাৰি তেওঁৰ ককা-আইতাহঁতে কলকাতালৈ আহিছিল।
দেৱাশিসে বনোৱা ঘৰটো ভাঙি পেলোৱা হ’ল। উচ্চ হাৰৰ সুতত লোৱা ঋণৰ ধন ঘূৰাই দিবলৈ এতিয়াও বাকী আছে।
দলংখন মেৰামতি কৰা হ’ব বুলি গড়কাপ্তানী বিভাগ আৰু স্থানীয় পৌৰ নিগম কৰ্তৃপক্ষই মৌখিকভাবে যোৱা ২৪ ছেপ্টেম্বৰত জনোৱাৰ পিছৰে পৰা তাল্লাহ চুবুৰীৰ বাসিন্দাসকললৈ দুৰ্দিন নামি আহিল। কোৱা হৈছিল যে প্ৰয়োজনীয় অলপ বয়বস্তু লৈ তেওঁলোক আঁতৰি থাকিব লাগিব আৰু দলং মেৰামতিৰ কাম সম্পূৰ্ণ হ’লে উভতি আহিব পাৰিব। ৰেল বিভাগৰ মাটিত থকা এখন চালি ঘৰ আৰু জলসিঞ্চন বিভাগৰ মাটিত থকা এখন চালি লৈ দুটা অস্থায়ী শিবিৰলৈ ৬০ টা পৰিয়ালক ২৫ ছেপ্টেম্বৰত বিয়লি স্থানান্তৰিত কৰা হ’ল।










