বানৰ পানী বাঢ়িবলৈ ধৰাত পাৰ্বতী বাসুদেৱে তাইৰ গিৰীয়েকৰ কাৰুকাৰ্য খচিত টুপিটোৰ সৈতে ঘৰ এৰিছিল। ‘আমি কেৱল এই চিপলি (বাদ্যযন্ত্ৰ)টো আনিব পাৰিলো। কোনো কাৰণতে আমি টুপিটো এৰিব নোৱাৰো,’ তাই কয়। ময়ুৰৰ পাখি লগোৱা টুপিটো গোপাল বাসুদেৱে ঘৰে ঘৰে গৈ ভক্তিমূলক গীত পৰিবেশনৰ সময়ত পিন্ধে।
৯ আগস্তৰ দিনা ৭০ উৰ্ধৰ গোপালক বিদ্যালয় এখনৰ শ্ৰেণীকোঠা এটাত হতাশাত ভাগি পৰা দেখা গৈছিল। ‘মোৰ তিনিটা ছাগলী মৰিল আৰু বাচি থকাটোৰো বেমাৰ লাগিছে, সিটোও মৰিব,’ তেওঁ কয়। গোপাল বাসুদেৱ সম্প্ৰদায়ৰ লোক। কৃষ্ণভক্ত এই সম্প্ৰদায়টোৰ লোকে মানুহৰ ঘৰে ঘৰে গৈ ভক্তিমূলক গীত গাই খুজি-মাগি পেট পোহে। বাৰিষাৰ দিনত তেওঁ ক’লহাপুৰ জিলাৰ হাটকানাংলে তালুকৰ নিজ গাওঁ ভেণ্ডাৱাড়েত কৃষি শ্ৰমিক হিচাপে কাম কৰে। ‘বৰষুণৰ অভাৱত এমাহ ধৰি পথাৰত একো কাম নাছিল আৰু এতিয়া আকৌ বানপানী,’ কথাখিনি কওঁতে গোপালৰ চকু চলচলীয়া হৈ পৰিল।
বৰষুণ আহোতে দেৰি হোৱা কাৰণে ভেণ্ডাৱাড়েৰ কৃষকে খাৰিফ শস্যৰ খেতি এই বছৰ জুলাই মাহলৈ পিছুৱাইছে। সাধাৰণতে জুন মাহৰ আৰম্ভণিতে ইয়াত প্ৰথমজাক বৰষুণ হয়। কিন্তু বৰষুণ যেতিয়া আহিল, তেতিয়া ছয়াবিন, কুঁহিয়াৰ আৰু বাদামৰ শস্যপথাৰ পানীত ডুব যাওতে এমাহো নালাগিল।


















