বজৰংগ গাইকোৱাদে যেতিয়া শৰীৰৰ ওজন পাঁচ কিলো হেৰুৱালে, তেওঁ বুজিলে যে যথেষ্ট ক্ষতি হৈছে। “আগতে মই প্ৰতিদিনে ৬ লিটাৰ মহৰ গাখীৰ, ৫০ টা কাঠবাদাম, ১২ টা কল আৰু দুটাকৈ কণী খোৱাৰ উপৰি এদিন বাদে এদিন মাংস খাইছিলো,” তেওঁ কয়। এতিয়া ইমানখিনি তেওঁৰ ৭ দিনতো খোৱা নহয় বা কেতিয়াবা আৰু বেছি সময়ৰ ব্যৱধানত ইমানখিনি খাদ্য খোৱা হয় । তেনেকৈ তেওঁৰ ওজন ৬১ কিলোলৈ হ্ৰাস পাইছে।
কোলহাপুৰ জিলাৰ জুনেই পাৰগাওঁ গাঁৱৰ ২৫ বছৰীয়া পালোৱান বজৰংগে কয়, “মল্লযোদ্ধাৰ ওজন হ্ৰাস হোৱাটো অনুচিত, ই আপোনাক দুৰ্বল কৰিব আৰু মল্লযুঁজত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব। আমাৰ বাবে প্ৰশিক্ষণৰ সমানে খাদ্যও গুৰুত্বপূৰ্ণ। মহাৰাষ্ট্ৰৰ গ্ৰামীণ পশ্চিমাঞ্চলৰ আন বহুতো মল্লযোদ্ধাৰ দৰে বজৰংগেও মল্লযুঁজৰ প্ৰতিযোগিতাত পোৱা প্ৰাইজমানিৰ ওপৰত নিৰ্ভৰ কৰিছিল, সেই টকাৰে খোৱা খাদ্যৰে তেওঁ মুকলি আকাশৰ তলত ৰঙা বোকাত পতা প্ৰতিযোগিতাত ভাগ লৈছিল।”
কোলহাপুৰৰ দ’নলি গাঁৱত মুকলি আকাশত অনুষ্ঠিত প্ৰতিযোগিতাত শেষবাৰৰ বাবে অংশগ্ৰহণ কৰা ৫০০ দিনৰো অধিক হ’ল। “ইমান দীঘল বিৰতি মই কেতিয়াও লোৱা নাছিলো, আনকি বেয়াকৈ আঘাত পালেও ইমানদিন বহি থকা নাছিলো।”













