হিংগালগঞ্জ, গোচাবা, কুলতালি, পাথৰ প্ৰতিমা আৰু বসন্তি খণ্ডত থকা বাঘবোৰেই নিত্যপ্ৰয়োজনীয়খিনি আৰু জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰা গাওঁবিলাকৰ বাসিন্দাৰ বাবে একপ্ৰকাৰৰ ভাবুকিৰ সৃ্ষ্টি কৰি আহিছে। এই খণ্ডবোৰ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ (আৰু ব্যাঘ্ৰ সংৰক্ষণ)ৰ ওচৰত আৰু ইয়াতেই ১৭০০ কিলোমিটাৰমানৰ এটা মূল এলেকা তথা ৯০০ বৰ্গকিলোমিটাৰমানৰ বাফাৰ এলেকা অন্তৰ্ভূক্ত। ইয়াৰে বাফাৰ এলেকাত জীৱিকাৰ সৈতে জৰিত কেতবোৰ কাৰ্যকলাপ অনুমোদিত। সাধাৰণতে পুৰুষেই মাছ-কেকোৰা আদি ধৰা আৰু মৌ, খৰি আদি সংগ্ৰহ কৰাৰ উদ্দেশ্যে হাবিত সোমায়। বাঘৰ সৈতে মুখামুখি হ'লে প্ৰায়ে প্ৰাণ হেৰুৱাবলগা হয়।
এনেদৰে সুন্দৰবনত বিধবা হোৱা মহিলাৰ সঠিক সংখ্যা জনা নাযায়, কিন্তু স্থানীয় লোক, বেচৰকাৰী সংস্থাকে ধৰি বহুতেই কৰা হিচাপ অনুযায়ী তিনিটা দশকত, কিছুমানৰ মতে বিগত ১০০ বছৰত অতিকমেও ৩০০০ লোকক বাঘে মাৰিছে।
"গোচাবাৰ লাহিৰীপুৰ গাওঁ পঞ্চায়তত (২২ খন গাওঁ থকা) ২০১১ চনৰপৰা প্ৰায় ২৫০ গৰাকী মহিলাই বাঘৰ আক্ৰমণত গিৰীয়েকক হেৰুৱাইছে," 'টাইগাৰ উইডো' অৰ্থাত বাঘে বিধবা কৰা মহিলাৰ কল্যাণৰ হকে কাম কৰি অহা সুন্দৰবন গ্ৰামীণ বিকাশ নামৰ বেচৰকাৰী সংস্থা চলোৱা অৰ্জুন মণ্ডলে কয়। "এগৰাকীয়েও ক্ষতিপুৰণ পোৱা নাই," তেওঁ কয়।
পশ্চিমবংগ চৰকাৰৰ বন বিভাগ, মত্স্য বিভাগ আৰু ৰাজ্যৰ গ্ৰুপ পাৰ্ছনেল এক্সিডেণ্ট বীমা আঁচনিৰ পৰা মুঠ প্ৰায় ৪-৫ লাখমান টকা ক্ষতিগ্ৰস্ত মহিলাৰ ক্ষতিপুৰণ হিচাপে ধাৰ্য্য কৰা হয়। অৱশ্যে তাতেই অনেক চৰ্ত থাকে, "মূল এলেকাত গিৰীয়েক ঢুকাব নালাগিব, নাঁৱৰ অনুজ্ঞাপত্ৰৰ প্ৰমাণপত্ৰ (বোট লাইচেঞ্চ চাৰ্টিফিকেট চমুকৈ বিএলচি) আৰু বন বিভাগৰ পাৰমিট থাকিব লাগিব। তদুপৰি ক্ষতিপুৰণ পাবলৈ মৃতকৰ পৰিয়ালে ভালেকেইটা বিভাগত ভালেমান নথি জমা দিব লাগিব," অৰ্জুনে সেই দীঘল তালিকাখনৰ কেইটামান আমাক শুনালে।
অৱশ্যে প্ৰায়েই গাঁৱৰ মানুহে মূল এলেকাত প্ৰৱেশ কৰে। মাছমৰীয়া অৰ্জুনে কয়, "ক'ত বাফাৰ এলেকা শেষ হয় আৰু ক'ৰপৰা মূল এলেকা আৰম্ভ হয় আমি নাজানো। চৰকাৰে খুব কমেইহে বিএলচি জাৰি কৰে আৰু প্ৰত্যেকেই সেয়া বহন কৰিব নোৱাৰে। পাৰমিট পোৱাটো আকৌ বন বিভাগৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।"
সেয়ে বিএলচি নথকাসকলৰ পত্নিৰ ক্ষেত্ৰত আহুকাল কুলাই-পাচিয়ে নধৰাকৈ আহে। পাৰমিট থাকক বা নাথাকক, গাঁৱৰ লোকক প্ৰৱেশ কৰিবলৈ নিদিয়া মূল এলেকাৰ ভিতৰত মানুহ মৰিলে পৰিলায় উপায়ন্তৰ হৈ পৰে।
গোচাবা খণ্ডৰ পথাৰপাৰা গাঁৱৰ বাসিন্দা ৪০ বৰ্ষীয় নমিতা বিশ্বাসৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল। তেওঁৰ মাছমৰীয়া স্বামী মনোৰঞ্জনক ২০১৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মূল এলেকাৰ ভিতৰত বাঘে আক্ৰমণ কৰিছিল। তেওঁ কথমপি বাচিছিল আৰু হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও হস্পিতালৰপৰা ডিচাৰ্জ দিয়াৰ কিছুদিনৰ পিছতেই তেওঁৰ মৃত্যু ঘটে। "তেওঁৰ মুৰত পোৱা আঘাতৰ সংক্ৰমণ কমা নাছিল," নমিতাই কয়। "মোৰ স্বামীৰ বিএলচি নাছিল, কিন্তু আৰক্ষীয়ে মোৰপৰা ভাষ্যই নললে। আমি বনবিভাগক ৰিইমবাৰ্ছমেণ্টৰ বাবে আটাইবোৰ নথি, মেডিকেল বিল আদি দিলো। সেই ধনৰাশি এতিয়াও আমি পোৱা নাই। মোৰ দৰে অনেক বিধবা মহিলা আছে। আন একো নহলেও চৰকাৰে অন্তত আমাক মাহিলী পেঞ্চন দিয়া উচিত।"