বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষতে থকা প্ৰকৃতিবিদ আৰু খেতিয়ক কে এন মহেশে যুঁজত লিপ্ত মহৰ পৰা আৰম্ভ কৰি সংবেদনশীল গৰু, কামৰ হাতী, চিকাৰী পক্ষী আদিৰে সমৃদ্ধ কৰিছে পৰি(PARI)ৰ ছখন ফটো ৰচনাৰ চতুৰ্থটো খণ্ড
কে এন মহেশ হৈছে এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত প্ৰকৃতিবিদ। তেওঁ বাণিজ্য শাখাত অধ্যয়ন কৰিছিল। কনাগাহলি গাঁৱত তেওঁ আৰু তেওঁৰ পিতৃয়ে খেতি কৰে। এই ৰচনাখনৰ বাবে ফটোবোৰ তুলি থকাৰ সময়ত তেওঁ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অপতৃণ আঁতৰোৱাৰ বাবে এক স্থানীয় বেচৰকাৰী সংস্থাৰ সৈতে কাম কৰি আছিল।
তেওঁৰ ফটোৰচনাখন হৈছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থানেৰে মানুহে জীয়াই থকাৰ এক বৃহত সহযোগী ফটোগ্ৰাফী প্ৰকল্পৰ অংশ আৰু পৰি(PARI)ত প্ৰকাশিত ধাৰাবাহিকৰ চতুৰ্থ খণ্ড। "যেতিয়া মোক কেমেৰা দিয়া হৈছিল, মই প্ৰথমতে জনা নাছিলো যে কি ক্লিক কৰিব লাগে আৰু মই ফটো লওতে বৰ লাজ কৰিছিলো," ২৭ বৰ্ষীয় মহেশে কয়। "তাৰ পিছতে মই যিটোৱে নতুন আৰু মনোগ্ৰাহী যেন পোৱা হ'লো, তাৰেই ফটো তুলিবলৈ আৰম্ভ কৰিলো। মই এই প্ৰকল্পটো বৰ ভাল পালো, ইয়াৰ যোগেদিয়েই গাঁওবোৰত কি ঘটি আছে সেয়া জনা হ'লো।"














