কে সুনীল কৰ্ণাটকৰ চামাৰাজনগৰ জিলাৰ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে সীমাতে থকা কানিয়াপুৰা চুবুৰীত থাকে। কানিয়াপুৰি হৈছে এক জনজাতীয় এলেকা আৰু একে নামৰে ডাঙৰ গাঁও। তেওঁ চলিগা আদিবাসী জনজাতিৰ আৰু তেওঁৰ পিতৃ-মাতৃয়ে শ্ৰমিক হিচাপে কাম কৰে আৰু তেওঁৰ একমাত্ৰ ভনীগৰাকী ঘৰতে থাকে।
সুনীলৰ বয়স ১৯ আৰু তেওঁ ১০ শ্ৰেণীৰ পঢ়া সম্পুৰ্ণ কৰিছে। তামিলনাডু, কৰ্ণাটক আৰু কেৰেলাৰ ত্ৰিকোণীয় সংযোগস্থলত স্থিত মুডুমালাই নামৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ কাৰগুড়ি গাঁৱত কাম কৰে। এই উদ্যানখন বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰে এক অংশ। তেওঁক ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীয়ে গছ জোখা আৰু অইন ক্ষেত্ৰ অধ্যয়ন কৰাৰ সময়ত সহযোগী হিচাপে নিয়োজিত কৰিছে।












