ললিপপ আকৃতিৰ এই কটকটি নামৰ খেলনাবিধ ঘূৰালে টক্ টক্ টককৈ শব্দ হয়। এই শব্দ শুনা মনে বুজিব যে বেংগালুৰুৰ ৰাস্তাত খেলনা বেচা লোক আহি পাইছে। প্ৰতিটো শিশুৱেই কটকটি বিচাৰে। ২০০০ কিলোমিটাৰ দূৰৰ মুৰ্শিদাবাদ জিলাৰ পৰা অহা কটকটি আপুনি বেংগালুৰুৰ ৰাস্তাই-ঘাটে, ট্ৰেফিক চিগনেল, সকলোতে দেখিব। “আমি হাতেবনোৱা খেলনাবোৰ ইমান দূৰলৈ যায় কাৰণে ভাল লাগে…” গৌৰৱেৰে খেলনা নিৰ্মাতা এজনে কয়। “আমি নিজে যাব খুজিলেও যাব নোৱাৰো… কিন্তু আমাৰ খেলনাবিলাক যায়… ইয়েই আমাৰ বাবে সৌভাগ্যৰ কথা।”
মুৰ্শিদাবাদৰ হৰিহৰপাৰা খণ্ডৰ ৰামপাৰা গাঁৱত পুৰুষ-মহিলা উভয়ে এই কটকটি বনায়। গাঁৱৰ খেতিপথাৰৰ পৰা মাটি আৰু আন এখন গাঁৱৰ পৰা বাঁহ আনি কটকটি (কাটক্যেটি বুলিও কোৱা হয়) বনাওতে ব্যৱহাৰ কৰা হয়, ৰামপাৰাৰ নিজ ঘৰতে এই খেলনা বনোৱা তপন কুমাৰ দাসে কয়। তেওঁৰ গোটেই পৰিয়ালটো এই কামত লাগে। তেওঁলোকে বাঁহ আৰু মাটিৰ লগতে ৰং, তাঁৰ, ৰঙীন কাগজ আৰু আনকি ফিল্মৰ পুৰণি ৰীলো ব্যৱহাৰ কৰে। “ফিল্মৰ দুটা ষ্ট্ৰীপ এক ইঞ্চি আকাৰত কাটি বাঁহৰ দণ্ডডালৰ ফলা অংশটোত ভৰোৱা হয়। চাৰিখন ডেউকা লগোৱা হয়,” কেবাবছৰ আগতে কলকাতাৰ বৰাবাজাৰৰ পৰা ফিল্মৰ ৰীল কিনি অনা দাসে কয়। কটকটিটো ঘূৰালে এই ফিল্মৰ ডেউকাৰ পৰা শব্দ হয়।


