উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰ সাতপুৰা পাহাৰৰ ফালাই গাঁৱৰ খেৰীঘৰটোৰ ভিতৰত আঠ বছৰীয়া শৰ্মিলা পাওৰা তাইৰ পঢ়া টেবুলখনত কেঁচি, বেজী-সুতা আৰু কাপোৰ আদি লৈ বহি আছে।
টেবুলখনত পুৰণি চিলাই মেচিন এটা আছে, দেউতাকে ৰাতি আধৰুৱা কৰি চিলাই থোৱা কাপোৰ পৰি আছে। তাই কাপোৰখন তুলি লৈ ভাঁজ কৰি মেচিনত ভৰাই চিলাবলৈ লৈছে, তাই অকণমান চিলাইৰ কাম জনা হৈছে।
অতিমাৰীৰ কাণে ২০২০ৰ মাৰ্চৰ পৰা আবাসিক স্কুল বন্ধ হৈ আছে। তাৰ আগলৈকে নন্দৰবাৰ জিলাৰ তোৰণমল অঞ্চলৰ আওহতীয়া গাওঁখনৰ তাইৰ সেই টেবুলখন আচলতে পঢ়াটেবুলহে আছিল, চিলাই-কটাইৰ নাছিল। “মা-দেউতাক চাই চাই মই মেচিনটো চলাবলৈ শিকিলো,” তাই কয়।
স্কুল কি শিকিছিল শৰ্মিলাৰ বিশেষ একো মনত নাই, স্কুল বন্ধ থকাৰ আজি ১৮ মাহ পাৰ হ’ল।
ফালাইত স্কুল নাই। সন্তানক শিক্ষাৰ এটা সুযোগ দিয়া হওঁক বুলি ভাবি ২০১৯ৰ জুনত শৰ্মিলা মাক-দেউতাকে তাইক ফালাইৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ দূৰৰ নন্দৰবাৰ চহৰৰ অটল বিহাৰী বাজপেয়ী আন্তঃৰাষ্ট্ৰীয় আবাসিক বিদ্যালয়ত নামভৰ্ত্তি কৰায়। মহাৰাষ্ট্ৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা ব’ৰ্ডৰ অধীনত জিলা পৰিষদে চলোৱা এনে ৬০ খন আশ্ৰমশালা (অনুসূচিত জনজাতিৰ লৰা-ছোৱালীৰ কাৰণে) আছে, নন্দৰবাৰৰ এইখন স্কুল তাৰেই মাজৰ এখন। মাৰাঠী ভাষাত স্থানীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা ‘আন্তৰাষ্ট্ৰীয় পৰ্য্যায়’ৰ শিক্ষাদানৰ বাবে ২০১৮ত এই শিক্ষা ব’ৰ্ডখন গঠন কৰা হৈছিল। (ব’ৰ্ডখন ভংগ কৰি পিছলৈ স্কুলবোৰ ৰাজ্যিক ব’ৰ্ডৰ অধীনলৈ অনা হয়।)
















