সদায় পুৱা ১০ বজাত ৰেণুকা প্ৰধানে দক্ষিণ সুৰাটৰ মীনা নগৰ এলেকাত থকা তাইৰ এটা কোঠালীৰ ঘৰটোক কৰ্মস্থলীলৈ ৰূপান্তৰ কৰে। তাইৰ ঘৰৰ দুৱাৰমুখতে দি যোৱা এগালমান ৰঙীন শাড়ী ভাত ৰন্ধা চুকটোতে থোৱা আছে। কেইখনমান খাটখনৰ তলতো সোমাইছে। ৰেণুকাই এটা বাণ্ডিল ততাতৈয়াক খুলি গুলপীয়া-নীলা ৰঙৰ পলিষ্টাৰ শাড়ী এখন উলিয়াই কোঠাটোৰ বাহিৰৰ পানীৰ পাইপ এডালত ওলমাই লৈছে।
ওচৰৰে বেদ ৰোডৰ কাপোৰ কাৰখানাৰ পৰা শাড়ীবোৰ ইয়ালৈ লৈ অহা হয়। যন্ত্ৰচালিত এম্ব্ৰইডৰী প্ৰক্ৰিয়াত পলিষ্টাৰ কাপোৰৰ পিছফালটোত ঢিলা সূতা ৰৈ যায়। বস্ত্ৰ ইউনিটলৈ কাপোৰখিনি ইস্ত্ৰী কৰা আৰু ভাঁজ কৰা কামখিনিৰ আগেয়ে সেই মেচিনে এৰি যোৱা ঢিলা সূতাবোৰ এৰুৱাবলগা হয, তেতিয়াই এইখিনি কামৰ বাবে ৰেণুকাৰ দৰে গৃহকৰ্মীৰ প্ৰয়োজনীয়তা আহি পৰে।
তাই বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে দিনে ৭৫ খনতকৈও বেছি শাড়ীৰ অদৰ্কাৰী সূতাবোৰ এৰুৱায়। দামী পলিষ্টাৰ শাড়ীৰ সূতা কাটিবলৈ তাই ছুৰী-কটাৰী এখন ব্যৱহাৰ কৰে। ‘প্ৰতিখন শাড়ীৰ সূতা এৰুৱাওঁতে মোৰ পাঁচৰ পৰা সাত মিনিট সময় লাগে,’ তাই কয়। ‘মই যদি সূতা টানোতে বা কাটোতে খেলি-মেলি লাগি কাপোৰখন নষ্ট হয়, তেতিয়া গোটেই শাড়ীখনৰ দাম ঠিকাদাৰজনক পৰিশোধ কৰিব লাগিব। সেয়ে মই অতিকৈ সাৱধান হ’বলগীয়া হয়।’
এখন শাড়ীত ২ টকাকৈ ৰেণুকাই দিনটোত ১৫০ টকালৈ উপাৰ্জন কৰে। ভুল কৰা মানেই তাইৰ পাঁচ দিনৰ মজুৰি ভৰিব লাগিব। ‘দিনটোৰ শেষত (আঠ ঘণ্টা) মোৰ হাতৰ আঙুলিবোৰত তত্ নাইকিয়া হয়,’ তাই কয়।










