প্ৰতিদিনে নিশা প্ৰায় ১০ মান বজাত চেট্টী শ্ৰীকান্থ আৰু চেট্টী গোপীচান্দে বিজয়ৱাড়া হৈ যোৱা চেন্নাই-কলকাতা ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত এখন পুৰণি ভিনাইল বেনাৰ পাৰি লয়। তাৰপিছত গামোচাখনকে চাদৰ কৰি পাৰি লৈ তাতে টোপনি যায়।
পুৱা সিহতে বেঞ্জ চাৰ্ক’ললৈ খোজ কাঢ়ি যায়। তাতেই ৬ বজাৰ পৰা শ্ৰমিকবোৰে কামৰ আশাত গোট খায়। কেতিয়াবা ছেট্টী ভাইকেইজনে শ্ৰমিকৰ 'আড্ডাস্থলী’ত বেপাৰীয়ে চাইকেলেৰে অনা ইডলি খায়। বহুসময়ত খালি পেটেৰেই তেঁওলোক কামলৈ যায়।
''বিজয়ৱাড়ালৈ অহা মোৰ এবছৰেই হ’ল,’’১৬ বছৰীয়া শ্ৰীকান্থে কয়। শ্ৰীকান্থ আৰু ২২ বৰ্ষীয় গোপীচান্দৰ পৰিয়ালে ২০১৬ চনত খেতিৰ পৰা হোৱা বৃহৎ লোকচানৰ পিছতে দুয়োজনে টেলেংগানাৰ খাম্মাম জিলাৰ মাডুপাল্লে গাঁৱৰ নিজ ঘৰ এৰি ওলাই আহিছিল। তাৰে আগলৈকে তেঁওলোকে কোনোমতে চলি আছিল। ''আমাৰ পিতায়ে পাঁচ বিঘা (লীজত লোৱা) মাটিত জলকীয়া, কপাহ আৰু হালধিৰ খেতি কৰিছিল। কিন্তু সেই বছৰটোৰ মুৰকত আমাৰ ৬ লাখ টকাৰ লোকচান হ’ল (আৰু সুদখোৰৰ সুতৰ হাৰ বেছি হোৱাৰ ফলত সেই পৰিমাণ বাঢ়ি সাত লাখ হ’লগৈ),’’ শ্ৰীকান্থে কয়। হালধিৰ খেতিৰ ফচলৰ ভাল দাম নাপালে, তেঁওলোকৰ কপাহৰ খেতিখনতো গুলপীয়া ব’লৱৰ্মে আক্ৰমণ কৰিলে আৰু ইফালে বেয়া বীজৰ ফলত জলকীয়াৰ খেতিও ভাল নহ’ল। ''ধাৰ পৰিশোধ কৰাৰ বাবে আমি কামৰ সন্ধানত ওলাই আহিবলৈ বাধ্য হৈছিলো, শ্ৰীকান্থে কয়। শ্ৰীকান্থে দশমমানতে পঢ়াশালি এৰে। ইফালে গোপীচান্দে অট’মবাইল ইঞ্জিনিয়াৰিঙৰ পলিটেকনিক পাঠ্যক্ৰম আধাতে এৰি গুছি আহিল।
প্ৰতিদিনে ৰাতিপুৱা ছেট্টি ভাতৃদ্বয়ৰ দৰে প্ৰায় ১,০০০ মান লোকে বেঞ্জ চাৰ্ক’লত হাড়ভঙা পৰিশ্ৰম হোৱা দিহাজিৰাৰৰ কামৰ বাবে ৰৈ থাকে। মহিলাসকলে ওচৰে-পাজৰে থকা গাঁৱলৈ গৈ আবেলি ঘুৰি আহে। আনহাতে পুৰুষসকলৰ প্ৰায়ভাগে সেই চাৰ্ক’লৰ তিনি মাইলমানৰ আশে-পাশে পদপথ নাইবা ডিভাইডাৰতে ৰাতি কটায়। অন্ধ্ৰ প্ৰদেশৰ উত্তৰ দিশত থকা শ্ৰীকাকুলাম জিলাৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ দক্ষিণ উপকূলীয় অঞ্চলত থকা নেল্ল’ৰ জিলালৈকে অৰ্থাৎ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা কামৰ সন্ধানত তেঁওলোকে আহি ইয়াতে গোট খাইছে।











