মই শোলাপিঠ (একধৰণৰ এছকাইনোমেনে এছপেৰা এল. গছৰ ছাল) ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ শোবা বৰ্ধনকাৰী সামগ্ৰী প্ৰস্তুত কৰো। তেনেই পাতল এই সামগ্ৰীবিধ বৰ ভাল, ইয়াক মনৰ পছন্দ অনুযায়ী আকাৰ আৰু শৈলীৰে বনাব পাৰি।
মই গলপতা, দূৰ্গোৎসৱৰ সূচিশিল্প, ফুল আৰু অন্যান্য ঘৰ সজোৱা বস্তু বনাব পাৰো, কিন্তু মোক মানুহে তাহিয়া বনোৱাৰ বাবে মানুহে জানে। তাহিয়া হৈছে ওড়িশি নৃত্যশিল্পীয়ে মঞ্চত পৰিৱেশনৰ সময়ত পিন্ধা আলংকৰিক মুকুট।
প্লাষ্টিকৰ তাহিয়া কিনিবলৈ পোৱা যায় যদিও সেইবোৰে শিল্পীগৰাকীৰ মূৰৰ ছালত খজুৱতি তোলে, বেছি সময় পিন্ধি থাকিব পৰা নাযায়। তাৰোপৰি প্লাষ্টিকত বেলেগ বেলেগ আকৃতি দিব পৰা নাযায়।
তাহিয়া বনোৱা বহু শিল্পীয়ে আজিকালি এই শিল্পবিধৰ সৈতে জৰিত নহয়, কিন্তু মই তাহিয়া বনোৱা কামটো ভাল পাওঁ।












