“আপুনি ইয়ালৈ মোৰ কাহিনী শুনিবলৈ আহিছে?” পন হৰিচন্দ্ৰন আচৰিতেই হৈছে। “সেইটোৰ বাবে কোনোবাই মোক লগ কৰিব অহা মোৰ মনত নপৰে। আচলতে মোৰ বেছি একো ক’বলগীয়া নাই।” ৬০ বছৰ বয়সীয়া এইজন কথকে নিজৰ গোটেই জীৱনটো কাহিনী কৈয়ে কটাইছে, কিছুমান কাহিনী কিলাকুইলকুৰিৰ আৰু আন কিছুমান মাত্ৰ ১৫ কিলোমিটাৰ দূৰৰ ২,০০০ বছৰ পুৰণি মাদুৰাই সাম্ৰাজ্যৰ।
তেওঁৰ কাহিনীবোৰ সকলোৱে শুনে। নিৰক্ষৰৰ পৰা আৰম্ভ কৰি বিদ্বানজন, স্থানীয় লোকৰ পৰা আৰম্ভ কৰি সুধীজনলৈ সকলোৱে। তেওঁলোকে এই কাহিনীবোৰ আলমত লিখা উপন্যাসেৰে বঁটাও লাভ কৰিছে, কিছুমানে চলচ্চিত্ৰও নিৰ্মাণ কৰিছে। কিছুমানে আকৌ এইবোৰ নৃতাত্বিক গৱেষণাত ব্যৱহাৰ কৰিছে। “আজিকালি মই কলেজ-ইউনিভাৰ্ছিটিৰ পৰা বেছিকৈ মানুহ লগ পাওঁ। প্ৰফেছৰবোৰে তেওঁলোকৰ শিক্ষাৰ্থীক মোৰ কাহিনী শুনাবলৈ আনে। আপোনালোকেও তাৰে মাজৰ এটা কাহিনী শুনিব বিচাৰে নেকি?” তেওঁ বিনয়েৰে সুধিলে।
কথা চলি আছে, এই অঞ্চলটোৰ জৈন গুহা আৰু পদুম ফুলেৰে ঠাঁহ খাই থকা পুখুৰীৰ মাজত থকা কিলাকুইলকুৰিত আমি বহি আছো। এই গাওঁখন মাদুৰাই জিলাৰ থিৰুপাৰানকুন্দ্ৰম ব্লকত এই গাওঁখন অৱস্থিত। আমি গাওঁখনৰ কাৰুপ্পাস্বামী মন্দিৰত বহি থকা গাঁৱৰ বয়োজ্যেষ্ঠ মানুহবোৰক মানুহবোৰক তেওঁ কথা সুধিো। “চাহৰ দোকানত নাইবা ঘৰত,” তেওঁলোকে উত্তৰ দিলে। “কিন্তু আপুনি যিহেতু ইয়াতে আহিলেই, তেঁৱো আহি পাব।” আৰু তেওঁ চাইকেল চলাই চলাই আহিও পালে।
তেওঁ ততালিকে আঁত ধৰিলে, আমাক সম্ভাষণ জনাই ক’লেঃ “আপোনালোকে এই গাওঁখনলৈ অহা বাটটো অকণমান জটিল যেন পোৱা নাইনে? ব্ৰিটিছ সেনা যাতে আমাক আক্ৰমণ কৰিবলৈ আহোতে পলম হয়, তেনেকৈ আমাৰ পুৰ্বপুৰুষসকলে এই বাটটোৰ নক্সা আঁকিছিল। তেওঁলোক ইয়ালৈ আহি পোৱাৰ আগতেই আমাৰ চোৰাংচোৱাই তেওঁলোকৰ চলাচলৰ খবৰ আমাক আনি দিয়েহি। তেনেকৈ গাঁৱৰ মানুহে তেওঁলোক আহি পোৱাৰ আগতেই সাজু হ’বলৈ সময় পায়।”





