প্ৰথমবাৰৰবাবে মনৱাৰা বেৱাৰ গাঠিৰ ধন একেবাৰে নোহোৱা হৈ পৰে | উদ্যোগ বন্ধ হল, ২০ দিনমান ধৰি মুঞ্চী নিৰুদিষ্ট হৈ আছে, পৰিয়ালটোক খুৱাবলৈ তেওঁৰ হাতত ফুটাকড়ি এটাও নোহোৱা হল | মনোৱাৰাই কয যে দেশৰ বিভিন্ন স্থানত বহুতো লোকে এই অশুভ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে আৰু তেওঁলোকৰ দুর্দশাৰ মূলতে এই অশুভ ঘটনা
১০০০ টা বিড়ি তৈয়াৰ কৰি ১২৬ টকা মজুৰী লাভ কৰে। এইদৰে বিগত ১৭ বছৰ ধৰি ৪৫ বছৰীযা মনোৱাৰাই উপার্জন কৰি পৰিয়াল চলাই আহিছে।স্বামীৰ মৃত্যুৰ পিচত মনোৱাৰাই বিড়ি বনোৱা কাম আৰম্ভ কৰে, ভূমিহীন এই দম্পতীৰ দুটা লৰা আছিল, সেই সময়ত সৰু লৰাটোৰ মাত্র ছমাহ বয়স আছিল।ডেকা কালত মনোৱাৰাই দৈনিক ২০০০ টা বিড়ি বনাব পাৰিছিল, এতিয়া কোনোমতে ৫০০ টা তৈয়াৰ কৰে।
পশ্চিমবংগৰ ঘৰতে বিড়ি বনোৱা শ্রমিকৰ ৭০ শতাংশ মহিলা-এয়া চৰকাৰী শ্রম বিভাগৰ তথ্য।ভালকৈ বিড়ি বনোৱাৰ ক্ষমতা নথকা যুৱতীয়ে ভাল স্বামী লাভ কৰাও কঠিন, মনিৰুল হক নামৰ মুঞ্চীজনে কয়।ঘৰে ঘৰে প্ৰতিঘৰ মানুহক বিড়ি বনোৱা সামগ্রী যোগান ধৰা তেওঁ এজন ঠিকাদাৰ আৰু বনোৱা শেষ হলে সেইবোৰ সংগ্রহ কৰে।পশ্চিম বংগৰ মুর্চিদাবাদ জিলাৰ জংগীপুৰ মহকুমাৰ বিড়ি কাৰখানা এটাৰ তেওঁ ঠিকাদাৰ।






