পিলি পাৰধিয়ে ৫০ বছৰ বয়সতো কস্তুৰবা পথৰ কাষৰে এখন হোটেলৰ গেটত গ্ৰাহকৰ বাবে ৰৈছে। পুৱা ৯ বাজিছে আৰু হোটেলত চেক-আউটৰ সময় আৰম্ভ হৈছে। তেওঁৰ বোৱাৰী অৰুণাও তাতেই আছে। দুয়োৰে লগতে পিলিৰ লৰাটোৱে মাথেৰাণত মাল-বস্তু কঢ়িওৱাৰ কাম কৰে।
একে কাম জয়া পেধকাৰেও কৰে। অইনবোৰৰ দৰে জয়াই ৩০ বছৰ বয়সত দিনটোত ৩-৪ বাৰ হোটেলবোৰৰ পৰা দস্তুৰী পাৰ্কিং পইণ্টলৈ ১০ ৰপৰা ৪০ কিলোগ্ৰাম মাল-বস্তু কঢ়িয়ায়। মাথেৰাণৰ মূল বজাৰখনৰ পৰা সেই দুৰত্ব ৩.৫ কিলোমিটাৰমান হ'ব। কেতিয়াবা আকৌ বেছি দুৰৈৰ ওখ হিল ষ্টেছনত থকা হোটেলৰপৰাও মাল কঢ়িয়াবলগা হয়





