মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ আমাৰ নিম্বাভালি গাওঁখনৰ গছ এডালৰ তলত আদবয়সীয়া মানুহৰ দল এটা গোট খাইছে। ১০ বছৰ আগৰ ঘটনা এটা তেওঁলোকে আলোচনা কৰিছে, যাৰ প্ৰভাৱ এতিয়াও বিদ্যমান। চৰকাৰী বিষয়াৰ ডাঙৰ টিম এটা ডাঙৰ গাড়ী এখনত আহিছিল। তেওঁলোকৰ হাতত আছিল কাগজ-পাতি, জোখমাখৰ সঁজুলি, ৰুলাৰ আৰু টেপ আদি। মোৰ দেউতা পৰশুৰাম পাৰেড (৫৫)ৰ যিমানদূৰ মনত পৰে, তেওঁলোকে ভূজল বিচাৰি ক’ত খান্দিব, সেয়া সন্ধানত লাগি আছিল।
“তেওঁলোকক মোৰ মনত আছে। সিহঁতে কি কৰি আছে সেয়া বাৰে বাৰে সুধি থকাত তেওঁলোকে উভতি ধৰিছিল। ‘তোমালোকক পানী লাগে, নালাগে জানো?’ আমি লাগে বুলি ক’লো। পানী কিচকৌ নহী মাংগতা (পানী কাকনো নালাগে)?” দেউতাই মনত পেলালে। পানীৰ আকাল ঘটা অঞ্চল এটাত চৰকাৰে কিবা এটা ব্যৱস্থা কৰিব বিচাৰিলে কোনোনে আদৰি নল’ব, কিন্তু তাকে লৈ গঞাৰ সেই আনন্দৰ চমক নিমিষতে মাৰ গৈছিল।
কেইমাহমান পিছতে ৱাড়া তালুকৰ নিম্বাভালিৰ ৱাৰ্লিসকললৈ উচ্ছেদৰ ন’টিচ আহিল। সেয়া কোনো পানীৰ প্ৰকল্প নাছিল, দৰাচলতে মুম্বাই-বদোদৰা ৰাষ্ট্ৰীয় এক্সপ্ৰেছ হাইৱেৰ বাবে গাওঁখনৰ মাটিখিনি চিন কৰা হৈছিল।
“হাইৱেৰ কথা আমি তেতিয়াহে জানিব পাৰিলো,” ৫০ বছৰ বয়সীয়া বালকৃষ্ণ লিপটে কয়। সেয়া আছিল ২০১২ চনৰ কথা। দশক বাগৰিল, থগবাজিৰে ভূমি অধিগ্ৰহণ কৰা সেই ঘটনা এতিয়াও মোৰ গাওঁখনে সহজভাৱে ল’ব পৰা নাই। শক্তিশালী ৰাজ্যখনৰ বিৰুদ্ধে এয়া এখন হাৰিবলগীয়া যুঁজ, বহুতেই জানে। সেয়ে তেতিয়াই তেওঁলোকে অধিক ক্ষতিপূৰণ আৰু বিকল্প ভূমিৰ দাবী সংকুচিত কৰি গোটেই গাওঁখনৰ যথোচিত পুনৰ্সংস্থাপনৰ দাবী জনাইছিল।





