ফাটিমা বানোৱে কবিতা এটা আবৃত্তি কৰি আছিলঃ “ওপৰত পাংখা চলে, তলত কণমানি শোৱে,” তেওঁ হিন্দীতে কবিতাটো পঢ়ি গৈছে। “শোৱা বাচা শোৱা, ৰঙা পালেংখনতে শোৱা…” সকলোৱে তাইৰ পিনে চাইছে যদিও ৰাজাজী ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰৰ বন গুজ্জৰ বস্তিৰ পাঠগ্ৰহণৰ আবেলি বেলাত কবিতা পাঠ কৰি থকা ন বছৰীয়া ফাটিমাই কাৰো নজৰত নপৰাৰ চেষ্টা কৰিছে।
তবচ্চুম বিবিৰ ঘৰৰ চোতালতে তেওঁলোকৰ সিদিনাৰ ‘স্কুল’খন বহিছিল। ৫ৰ পৰা ১৩ বছৰীয়া ছাত্ৰ-ছাত্ৰীকেইজন এখন ডাঙৰ ডাঠ কাপোৰত বহি লৈছে, কিছুমানৰ হাতত বহীও আছে। তবচ্চুমৰ এহাল সন্তান। সিহঁতো তাত বহিছে। তেওঁৰ দৰে এই বস্তিটোৰ প্ৰায় সকলোৱে ম’হ চৰায় আৰু গাখীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে।
এই স্কুলখন কুনাও চৌড় বস্তিটোত ২০১৫ৰ পৰা ইঘৰ-সিঘৰ কৰি চলি আছে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯.৩০ৰ পৰা আবেলি ১২.৩০লৈ স্কুলখন চলে, কেতিয়াবা বন্ধ থাকে, কেতিয়াবা খোলে। ২০২০ৰ ডিচেম্বৰত মই সাক্ষাৎ কৰোতে ফাটিমা বানোৱে কবিতা আবৃত্তি কৰি আছিল। তাত ১১ জনী ছোৱালী আৰু ১৬ জন ল’ৰা আছিল।
বন গুজ্জৰৰ কেইগৰাকীমান তৰুণ যুৱকেই তেওঁলোকৰ শিক্ষক। উত্তৰাখণ্ডৰ পাওৰি গাৰ্হাৱাল জিলাৰ যমকেশ্বৰ ব্লকৰ অন্তৰ্গত প্ৰায় ২০০ টা পৰিয়াল থকা কুনাও চৌড় বস্তিত দীৰ্ঘদিন ধৰি শৈক্ষিক ব্যৱধান এই তৰুণচামে দূৰ কৰাৰ চেষ্টা চলাই আহিছে (ৰাজ্যখনৰ কুমাওন আৰু গাৰ্হাৱাল অঞ্চলত ৭০ হাজাৰৰ পৰা ১ লাখ বন গুজ্জৰ সম্প্ৰদায়ৰ লোকে বাস কৰে, সামূহিক কৰ্মীয়ে অনুমান কৰি কয়। তেওঁলোকক উত্তৰাখণ্ডত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভূক্ত কৰা হৈছে আৰু অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়াৰ বাবে তেওঁলোকে দাবী জনাই আহিছে।) ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত থকা তেওঁলোকৰ বস্তিবোৰত ঘৰবোৰ কেঁচা, পঁজাঘৰ। তেওঁলোকক স্থায়ী ঘৰ সজাটো বন বিভাগে নিষিদ্ধ কৰি থৈছে, শৌচালয়ৰ ব্যৱস্থা নাই আৰু বনৰ জান-জুৰিয়ে তেওঁলোকৰ পানীৰ উৎস।














