“যোৱা ৪-৫ মাহ ধৰি ঝাৰিয়াত থকা মোৰ ঘৰত বিদ্যুৎ নাই। মোৰ ভাই-ভনী আৰু মই টৰ্চৰ পোহৰত অলপ পঢ়ি লও, কিন্তু ৩০-৪৫ মিনিটহে টৰ্চটোৱে কাম কৰে, তাৰপিছত আকৌ চাৰ্জ দিব লাগে।”
সোমবাৰী বাস্কে চাওঁতাল আদিবাসী সম্প্ৰদায়ৰ ১৩ বছৰীয়া কিশোৰী। ভাটিন মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ: “মই পঢ়িব বিচাৰো [আনুষ্ঠানিক শিক্ষা ল’ব বিচাৰো]। এয়াই মোৰ একমাত্ৰ সপোন।”
ঝাৰিয়া হৈছে জাদুগৌড়া ব্লকৰ এখন গাঁও, জনসংখ্যা ১০০০ৰ অলপ বেছি। সাক্ষৰতাৰ হাৰ ৫৯ শতাংশ – ঝাৰখণ্ডৰ গড় ৬৬ শতাংশতকৈ কম। পূর্বী সিংহভুম জিলাৰ ঝাৰিয়াত কেৱল প্রাথমিক বিদ্যালয় এখনহে আছে, গতিকে মাধ্যমিক শিক্ষাৰ বাবে সোমবাৰী ঘৰৰ পৰা চাৰি কিলোমিটাৰ দূৰৈৰ আন এখন বিদ্যালয়লৈ যায়৷
ওচৰৰ গাঁও খড়িয়া কোচালৈ এই প্ৰতিবেদকজন যাওতে সেই কণমানি সোমবাৰীয়েই স্বেচ্ছাসেৱী হিচাপে সবৰ ভাষাৰ পৰা হিন্দীলৈ দোভাষী হ’বলৈ হাত দাঙিছিল। পূৰ্বী সিংহভূমৰ সবৰ সম্প্ৰদায়ৰ লোকৰ সৈতে কথা পাতিবলৈ আমাক সহায় কৰিছিল। মাতৃভাষা চাওঁতালীৰ বাহিৰেও সোমবাৰীয়ে সবৰ, হো, হিন্দী আৰু বাংলা ভাষা জানে।







