সত্তৰৰ দেওনা গৰকা তেঁও ষ্ট্ৰবেৰিৰ খেতি কৰে। পুৰণি মহাবালেশ্বৰত থকা তেঁওৰ তিনি একৰ মাটিৰ কুৱাটোৰ পানী শুকাই কৰ্কৰীয়া হৈছে। তেঁও আৰু তেঁওৰ পত্নিয়ে খেতিখন চলাই নিবলৈ যৎপৰোনাস্তি কষ্ট কৰিছে। তেঁওলোকৰ দমকলৰ পৰা নিগৰা সামান্য পানীৰ ওপৰত আশা কৰিয়ে তেঁওলোকে খেতি চলাইছে। আনকি সেই সামান্য পানীখিনিও তেঁওৰ খেতি পথাৰৰ গাতে লাগি থকা মন্দিৰৰ সৈতে ভগায় লয়। প্ৰৱল খৰাঙে তেঁওৰ খেতি বিধ্বস্ত কৰে ঠিকেই, কিন্তু তেঁওৰ বদান্যতা নকমে। তেঁওৰ নাম ইউনুচ ইছমাইল নালাবান্দ। তেঁও সেই পানী চাতাৰা জিলাৰ কৃষ্ণা নদীৰ উৎসৰ প্ৰতিকী দেৱী কৃষ্ণামাইৰ মন্দিৰত হাঁহিমুখে দিয়ে।
এয়া সঁচাই আমাৰ পানী নে? এয়া উপৰৱালা (সৰ্বশক্তিমানজনৰ)ৰ পানী, নহয় নে বাৰু? তেঁও সোধে। সত্তৰোৰ্ধৰ তেঁওৰ পত্নি ৰোশান নালাবান্দেও সন্মতিত মুৰ দুপিয়ায়। সৰু সৰু বাকচত তেঁওলোকে ষ্ট্ৰবেৰীবোৰ ভৰাইছে। সেয়া নিবলৈ বেপাৰীবোৰ আহিব, ৰোশানে কয়। 'নাটনিৰ বাবে এইটো বছৰত দাম বাঢ়িছে, কিন্তু সেই অনুপাতে উৎপাদন নাবাঢ়ি কমিছেহে আৰু শস্যৰ গুণাগুণো কমিছে।’ কামত অকণো হীনদেৰি নকৰাকৈ তেঁওলোক দুজনে কৈ গৈছে। পানীৰ আকালেও তেঁওলোকৰ কামত আঘাত দিব নোৱাৰাৰ দৰে। মাত্ৰ ৰোশানে আমাক পানী আৰু খোৱাবস্তু দিবলৈ এক মিনিটমানৰ কাৰণে বিৰতি ল’লে।
কৃষ্ণমাইৰ কুণ্ড (মন্দিৰৰ পুখুৰী)ৰ পানী নালাবান্দৰ দমকলৰ পৰা পানী নাপালে তেনেই শুকাই তলি উদং হৈ থাকে। এইবাৰো খৰালি পুখুৰীটোৰ পানী শুকাই থাকিল। কৃষ্ণমাই মন্দিৰটো দৰ্শনাৰ্থীৰ ভিৰ হোৱা পঞ্চগংগা মন্দিৰৰ পৰা এখন তামোলৰ বাট। কৃষ্ণাকে ধৰি কয়না, ভেন্না, সাৱিত্ৰী আৰু গায়ত্ৰী- এই পাঁচখন নৈক লৈ এই মন্দিৰ। নৈকেইখনৰ প্ৰকৃত উত্স ইয়াৰ পৰা বেছি দুৰত নহয়। ৱাই-মহাবালেশ্বৰ অঞ্চলৰ ভিতৰত কৃষ্ণামাইয়েই বোধকৰো আটাইতকৈ পুৰণি মন্দিৰ। সৰু আৰু ধুনীয়া এই মন্দিৰটোক স্থানীয় লোকে নৈ দেৱীৰ গৃহ বুলি উপাসনা কৰে।








