মই মোৰ জীৱনত নদীখনক এনে প্ৰচণ্ড মুৰ্ত্তি ধৰা কেতিয়াও দেখা নাছিলো, ৫৫ বৰ্ষীয় চাকুবাঈ ৱাঘে কয়। সিদিনা ৪ আগস্ত আছিল। দহমান বাজিছিল। তাইৰ ২০ বছৰীয়া পুত্ৰ মনোজ ঘৰতে আছিল। বাহিৰত তীব্ৰ বৰষুণ দি আছিল, তাই মনত পেলালে। ‘হঠাতে বানপানীৰ ঢল আমাৰ পজাত সোমাল। মুহূৰ্ততে আমাৰ ডিঙিলৈকে পানী ভৰি পৰিল। ইজনে সিজনৰ হাতত ধৰি থাকিলো। কিন্তু ক্ষণিকতে অহা ঢলে মোৰ কষ্টোপাৰ্জিত ধনকে ধৰি লাগতিয়াল সকলো বস্তু উটুৱাই লৈ গ’ল।’
সেই শ্বাসৰুদ্ধকৰ ২০ মিনিটৰ পাছত চাকুবাঈ আৰু মনোজ কোনো মতে ওচৰৰে ৰাষ্ট্ৰীয় ঘাইপথত উঠিল। তাৰপৰাই অসহায় হৈ নৈৰ ধ্বংসলীলা চাই ৰ’ল। সিদিনা ৰাতিপুৱা বৈতৰ্ণা নৈৰ পানীয়ে তেওঁলোকৰ লগতে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱাডা তালুকৰ গেটচ্ খুৰ্দ গাঁৱৰ আন ২৪ ঘৰ মানুহক আশ্ৰয়হীন কৰি পেলালে। সন্ধিয়ালৈ লাহে লাহে পানী কমিল।
চাওক, এয়াই মোৰ সংসাৰ। নৈৰ পাৰত থকা ভগা জুপুৰীটোলৈ দেখুৱাই চাকুবাইয়ে ক’লে। বোকামাটিৰ ওপৰত ঘৰৰ ভগা চালিখনৰ জকাটো ওলাই আছে, টাৰ্পলিনৰ টুকুৰা আদি পৰি আছে। বোকাত পৰি থকা গেলিবলৈ ধৰা চাউল, পিয়াজ, আলুৰ দুৰ্গন্ধ নাকত লাগিছে। ‘এই গন্ধ মোৰ সহ্য নহয়, ওকালি আহে,’ চাকুবাঈয়ে কয়।











