নাগি শিৱাই তেঁওৰ পৰিয়ালৰ সৈতে লক্কেৰে গাঁৱত তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰে, কৰ্ণাটকৰ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে। তেওঁ কুৰুবা গৌড় সম্প্ৰদায়ৰ আৰু ঘৰুৱা শ্ৰমিক হিচাপে কাম কৰে।
ছমাহত তেওঁ কৰ্ণাটক জিলাৰ চামাৰাজনগৰ জিলাৰ বন্দিপুৰস্থিত প্ৰমুখ ব্যাঘ্ৰ সংৰক্ষণস্থলীৰ দাঁতিকাষৰ তেওঁৰ দৈনন্দিন জীৱনৰ সৰু-বৰ দৃশ্য- গছডাল, খেতিপথাৰ আৰু শস্য চপোৱা, জীৱ-জন্তু, তেওঁৰ পৰিয়াল আদি কেমেৰাৰ লেন্সত আবদ্ধ কৰিছে। এয়াই প্ৰথমবাৰৰ বাবে তাই কেমেৰা ব্যৱহাৰ কৰিব শিকিছে (ফিউজিফিল্ম ফাইনপিক্স S8630)। তেওঁৰ ফটো ৰচনাখন হৈছে বন্যপ্ৰাণীৰ সৈতে মানুহৰ সহাৱস্থানক কেন্দ কৰি হোৱা এক ফটোগ্ৰাফীৰ সহযোগী প্ৰকল্পৰ এক অংশ আৰু পৰি(PARI)ত প্ৰকাশিত ধাৰাবাহিকৰ দ্বিতীয় অংশ। (এই ধাৰাবাহিকৰ প্ৰথমখন ৰচনা যেতিয়া নাহৰফুটুকীটো জয়াম্মাৰ চকুত পৰিছিল, ২০১৭ চনৰ ৮ মাৰ্চত প্ৰকাশিত হৈছিল।)














