এদিন আবেলি মই লগ পোৱাৰ সময়ত নিজৰ ভেড়াছাগলীৰ জাকটোৰ সৈতে এছ বান্দেপ্পা বাগালকোট-বেলগৌম পথেৰে গৈ আছিল। ভেড়াৰ জাকটোৰ সৈতে অলপ সময় থমকি ৰোৱাৰ বাবে তেওঁ পথাৰ বিচাৰি আছিল। “এতিয়া মোৰ কাম হ’ল মাটিৰ মালিকক বিচাৰি উলিওৱা, কিয়নো তেওঁৰ মাটিৰ বাবে মোৰ ভেড়াজাকে যি সাৰ এৰিব, তাৰ বাবে মাটিৰ মালিকে মোক ভাল পৰিমাণৰ টকা দিব,” তেওঁ কয়। এয়া শীতকাল, অক্টোবৰ-নৱেম্বৰৰ পৰা এই সময়চোৱাত কুৰুবা ভেড়াপালকসকলে যাত্ৰা আৰম্ভ কৰে, কিয়নো সেই সময়ত পথাৰত খেতিৰ কাম বিশেষ নাথাকে।
অক্টোবৰ-নৱেম্বৰৰ পৰা মাৰ্চ-এপ্ৰিল পৰ্যন্ত কৰ্ণাটকৰ পশুপালক কুৰুবাসকলৰ (ৰাজ্য চৰকাৰৰ তালিকাত অনুসূচিত জাতিৰূপে তালিকাভূক্ত) দুই-তিনিটা পৰিয়ালৰ একোটা গোটে এখন ঠাইৰ পৰা আন ঠাইলৈ গৈ থাকে। সাধাৰণতে একেটা পথেৰে তেওঁলোকে যায় আৰু আনুমানিক মুঠ ৬০০ৰ পৰা ৮০০ কিলোমিটাৰ পৰ্যন্ত এই যাত্ৰাত সামৰি লোৱা হয়। তেওঁলোকৰ ভেড়া আৰু ছাগলীবিলাক চন পৰি থকা পথাৰত চৰোৱা হয়, পশুবিলাকৰ পৰা পোৱা সাৰৰ বাবদ পথাৰৰ খেতিয়ক মালিকে তেওঁলোকক ভাল পৰিমাণৰ ধন দিয়ে। ‘ভাল ভূ-স্বামী’ হ’লে এবাৰ ৰখাৰ বাবদ ১০০০ টকা পোৱা যায় বুলি বান্দেপ্পাই কয়। পথাৰত কেইদিনমান ৰাখিলেই হয়। ইয়াৰ পিছত ভেড়াবোৰক লৈ দ্বিতীয়খন চৰণীয় পথাৰ বিচাৰে। প্ৰথমখনত থাকোতেই দ্বিতীয়খন পথাৰৰ সন্ধান কৰে আৰু ভূ-স্বামীৰ লগত বন্দোবস্ত কৰে। আগতে তেওঁলোকে খাদ্যশস্য-কাপোৰ আদিও পাইছিল, কিন্তু এতিয়া ভূ-স্বামীসকলৰ লগত বন্দোৱস্তি কৰা কঠিন হৈ উঠিছে।
“ভূ-স্বামীৰ মাটিত ভেড়া আৰু ল’ৰা-ছোৱালীক লৈ থকা এতিয়া ইমান সহজ নহয়,” নীলাপ্পা চাচড়িয়ে কয়। বেলগৌম (এতিয়াৰ বেলগাভি) জিলাৰ বালিহোংগাল তালুকত বালিহোংগাল-মুনাৱাল্লি পথৰ ওচৰত এখন পথাৰত মই তেওঁক লগ পাইছিলো, সেই সময়ত তেওঁ ভেড়াবোৰক বাবে ৰছীৰে গঁৰাল তৈয়াৰ কৰাত ব্যস্ত আছিল।
এয়াই একমাত্ৰ পৰিৱৰ্তন নহয়, যি পশুপালক কুৰুবাসকলে সন্মুখীন হ’বলগীয়া হৈছে। যোৱা দুটা দশকত তেওঁলোকৰ ভেড়াৰ ঊল (যি ভেড়া কেৱল দক্ষিণ-মধ্য ভাৰতৰ দাক্ষিণাত্য অঞ্চলৰ পাৰ্বত্য ভূমিত জন্ম হয়)ৰ চাহিদা হ্ৰাস পাইছে। দাক্ষিণাত্যৰ স্বাস্থ্যৱান হৃষ্টপুষ্ট ভেড়াবিলাকে দীৰ্ঘদিনৰ পৰা ভূমিৰ অৰ্ধ-অনুৰ্ব্বৰ অৱস্থা প্ৰতিহত কৰি আহিছে। স্থানীয়ভাৱে কাম্বালি (মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত গোংগাড়ি বা গোংগালি) বুলি কোৱা খহটা ক’লা ঊলৰ কম্বল তৈয়াৰ কৰিবলৈ ঊল যোগান ধৰাৰ পৰা ভেড়া দীৰ্ঘদিন ধৰি কুৰুবা ভেড়াপালকসকলৰ মূল উপাৰ্জনৰ উৎস আছিল। অতিৰিক্তভাৱে ভেড়াৰ গোবৰ খেতিয়কক যোগান ধৰিও উপাৰ্জন হৈছিল। এতিয়া স্থানীয়ভাৱে উৎপাদিত আঁহ সুলভ হৈ পৰাত ঊলৰ দাম মন্দা হৈছে আৰু চাহিদাও হ্ৰাস পাইছে।
বেলগাভি জিলাৰ ৰামদুৰ্গ তালুকৰ দাৰিভাৱি সালাপুৰ গাঁৱৰ বোৱনীসকলো এই ঊলৰ ক্ৰেতা আছিল। অধিকাংশ বোৱনী সম্প্ৰদায়টোৰ উপগোট কুৰুবাৰ ভিতৰত পৰে। (কুৰুবাসকলৰ স্থায়ী ঘৰ আৰু গাওঁ থাকে, বিভিন্ন উপগোট আছে, যেনে পশুপালক, বোৱনী, খেতিয়ক তথা আনান্য)। এসময়ত তেওঁলোকে তাঁতশালত প্ৰস্তুত কৰা কম্বল দেশৰ সেনাবাহিনীৰ মাজত জনপ্ৰিয় আছিল, এতিয়া সেই চাহিদা নোহোৱা হ’ল। “তেওঁলোকে এতিয়া শ্লিপিং বেগ ব্যৱহাৰ কৰে,” পি ইশ্বৰাপ্পা নামৰ বোৱনীজনে কয়। পৰম্পৰাগত ক’লা ঊলৰ কম্বল এতিয়াও উৎপাদন কৰা দাৰিভাৱি সালাপুৰ গাঁৱত তেওঁৰ কম্বল বোৱা এখন তাঁতশাল আছে।
“মিশ্ৰিত সংশ্লেষিত (চিন্থেটিক) সূতাৰ লগতে আন আন ধৰণৰ ঊলৰ সামগ্ৰীকে ধৰি সস্তীয়া বিকল্প বজাৰত উপচি পৰাৰ ফলত দাক্ষিণাত্যৰ ঊলৰ চাহিদা হ্ৰাস পাবলৈ ধৰিছে,” দাৰিভাৱি সালাপুৰ গাঁৱৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰৰ হাভেৰি জিলাৰ ৰাণেবেন্নুৰ চহৰৰ এখন দোকানৰ মালিক দীনেশ শেঠে কয়।






















