অনুবাদ: নিভা ৰাণী ৰায়
T


Rayagada, Odisha
|WED, MAY 31, 2023
নিয়ামগিৰিৰ এখন বিয়া
পশ্চিম ওড়িশাৰ বক্সাইট সমৃদ্ধ নিয়ামগিৰি পৰ্বতমালা ৰাজ্যখনৰ ডংগ্ৰিয়া কন্ধ জনগোষ্ঠীৰ একমাত্ৰ বাসস্থান; নৈ, পাহাৰ আৰু অৰণ্য তেওঁলোকৰ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে সংপৃক্ত
Author
Translator

Purusottam Thakur
ওড়িশাৰ বক্সাইট সমৃদ্ধ নিয়মগিৰি পৰ্বতমালা ৰাজ্যখনৰ ডংগ্ৰিয়া কন্ধ নামৰ আদিবাসী জনগোষ্ঠীটোৰ একমাত্ৰ বাসস্থান

Purusottam Thakur
জাতি-জনগোষ্ঠীবোৰে একলগ হৈ কৰা কামৰ আনন্দ উপভোগৰ বাবে বিয়াবোৰেই হৈছে আটাইতকৈ সৰল আৰু অন্তৰংগ অনুষ্ঠান। ২০০৯ চনত তোলা এই ছবিত চুবুৰীয়া গাঁৱৰ যুৱক-যুৱতীসকলে স্থানীয় জনপ্ৰিয় বাদ্যযন্ত্ৰ ঢাপ বজাবলৈ বিয়াৰ অনুষ্ঠানলৈ গৈ আছে

Purusottam Thakur
গান-বাজনাৰ মাজেৰে বেণ্ডপাৰ্টিৰ সদস্যসকল ৰভাতলি গৈ পালে

Purusottam Thakur
আন বহু সম্প্ৰদায়ৰ লোকে যিদৰে বিয়াৰ ক্ষেত্ৰত কইনাৰ সন্মতি লোৱাৰ কথা নাভাৱে, ডংগ্ৰিয়াসকল এইক্ষেত্ৰত পৃথক। এই জনগোষ্ঠীটোৱে বিবাহোপযুক্তা যুৱতীসকলৰ ইচ্ছাক সততে গুৰুত্ব দি আহিছে। বিয়াৰ বাবে তেলিডি নামৰ এই কইনাজনীয়ে লোডো ছিকাকাক দৰা হিচাপে গ্ৰহণ কৰিছে

Purusottam Thakur
মহিলাসকলে মূৰত পিতলৰ কলহ লৈ তেলিডিৰ লগত গৈ চিৰপ্ৰবাহী পাহাৰীয়া নিজৰাৰ পৰা পানী তোলে। এই পানীৰে ৰন্ধা ভাত কইনাই ধৰণী পেনু (পৃথিৱী দেৱী)ক অৰ্পণ কৰে

Purusottam Thakur
দৰাঘৰীয়া গাঁও লাখপদৰলৈ কইনাৰ গাভৰু বান্ধৱীৰ দল নাচি-বাগি ওলাইছে, আন গাঁৱৰ গঞাই জুমপাতি চাই ৰৈছে

Purusottam Thakur
খোজৰ তালে তালে নাচোনৰ চেও

Purusottam Thakur
ঢাপৰ ছেৱত নাচনিয়ে খৰকৈ নাচিছে

Purusottam Thakur
গাঁৱৰ লোকসকলে লাগি-ভাগি ৰন্ধা বিয়াৰ ভোজ-ভাত; মচুৰ দাইল আৰু তাকৰীয়াকৈ তেল-মছলা দিয়া মাংসৰ আঞ্জা গছৰ পাতেৰে সজা থালত পৰিবেশন কৰা হয়

Purusottam Thakur
ল’ৰা-ছোৱালীহঁতে ভোজলৈ বাট চাই আছে

Purusottam Thakur
বিয়া খাবলৈ পাই এই অকমানিজনীৰ মনত ৰং
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/নিয়ামগিৰিৰ-এখন-বিয়া

