পক্ষীৰ কলৰৱ শুনি ডাঙৰ হোৱা এই লোকজনে ফেঁচাৰ কুৰুলি শুনি তেওঁ ক’ব পাৰে সেয়া কোনটো ফেঁচাই মাতিছে। কোনখন বিলত আহি কণুৱা এটা আহি জলকেলী কৰিব তাকো তেওঁ ভালদৰেই জানে।
বি. চিদ্দানে আধাতে স্কুল এৰিবলগীয়া হৈছিল যদিও তামিলনাডুৰ নিলগিৰি পৰ্বতমালাৰ নিজ ঘৰৰ আশে-পাশে থকা চৰাইবোৰ তেওঁ ভালকৈ চিনে, চৰাইৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা চিদ্দানৰ সেয়াই জীৱনৰ আনন্দ।
“আমাৰ গাওঁ বোক্কাপুৰমত চিদ্দান নামেৰে তিনিজন মানুহ আছিল। মানুহে যেতিয়া সোধে, কোনজন চিদ্দানক বিচাৰিছে, তেতিয়া গাঁৱৰ মানুহে কয়, ‘অঁ, সেই কুৰুৱি চিদ্দানৰ কথা কৈছে - সেই যে চৰাইৰ পিছে পিছে পাগলৰ দৰে ঘুৰি ফুৰাজন,’” তেওঁ কয়, মুখত তেওঁৰ আত্মসন্তুষ্টিৰ হাঁহি এটা বিয়পি পৰে।
তেওঁৰ লিখিত নাম বি. চিদ্দান, কিন্তু মুডুমলইৰ আশে-পাশে থকা গাওঁ আৰু অৰণ্যবোৰত তেওঁক কুৰুৱি চিদ্দান বুলি জানে। তামিল ভাষাত কুৰুৱি মানে হৈছে গছৰ ডালত বহি গীত গোৱা চৰাই, গীত গোৱা চৰাইৰ আধাতকৈ বেছি চৰাই প্ৰজাতিক কুৰুৱি বুলি কয়।
“আপুনি পশ্চিমঘাটৰ য’তেই নাযায় কিয়, চাৰি বা পাঁচ প্ৰকাৰৰ চৰাইয়ে গীত গোৱা আপুনি শুনিবলৈ পাব। আপুনি কেৱল মন দি শুনিব আৰু বুজিব লাগিব,” নিলগিৰি পাহাৰৰ দাঁতিৰ এখন গাওঁ আনকাট্টিৰ প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী ২৮ বছৰীয়া বিজয়া সুৰেশে কয়। মুডুমলই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ কাষৰ যুৱক-যুৱতীসকলক চৰাইৰ সৈতে পৰিচয় কৰাই দিয়া গুৰু হিচাপে কাম কৰা চিদ্দানৰ পৰা তেওঁ চৰাইৰ বিষয়ে শিকা বুলি বিজয়াই কয়। বিজয়াই সেই অঞ্চলটোৰ প্ৰায় ১৫০ বিধ চৰাই চিনি পায় বুলি পাৰিক কয়।
















