“মই যদি মৰি যাওঁ ঠিকে আছে, কিন্তু বিলবোৰ আমি পৰিশোধ কৰিব নোৱাৰিম,” মৃত্যুৰ দুদিন আগত হৰিচন্দ্ৰ ধাৱাৰেয়ে পত্নী জয়শ্ৰীক কৈছিল। ক’ভিড-১৯ত আক্ৰান্ত ৪৮ বছৰ বয়সীয়া সাংবাদিকজনৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটিছিল আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল।
তেতিয়াও তেওঁৰ চিন্তা নিজৰ জীৱনটোক লৈ নাছিল, আছিল চিকিৎসালয়ত পৰিশোধ কৰিবলগীয়া বিলক লৈ। “তেওঁ মোৰ লগত কাজিয়া কৰিছিল আৰু কান্দোনত ভাগি পৰিছিল,” ৩৮ বছৰ বয়সীয়া জয়শ্ৰীয়ে কয়। “তেওঁ ঘৰলৈ যাবলৈ জোৰ কৰিছিল।”
২০২১ৰ মাৰ্চৰ শেষৰফালে যেতিয়া হৰিচন্দ্ৰ ক’ৰনাত আক্ৰান্ত হ’ল, সাংবাদিক হিচাপে তেওঁৰ ২০ বছৰীয়া অভিজ্ঞতা বিশেষ কামত নাহিল। বৰঞ্চ সেই কামে তেওঁক অধিক বিপদতহে পেলালে।
২০০১ৰ পৰা মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ বাতৰিৰ বিভিন্ন গোষ্ঠীৰ কাৰণে সংবাদদাতা হিচাপে কাম কৰি অহা হৰিচন্দ্ৰ মাৰাঠী দৈনিক কাকত ৰাজধৰ্মত কৰ্মৰত আছিল। “তেওঁ ক’ৰনাৰ দ্বিতীয় ঢৌৰ ওপৰত সংবাদ সংগ্ৰহ কৰি আছিল। তেওঁ সংবাদমেলবোৰত উপস্থিত আছিল আৰু প্ৰায়ে কাম সংক্ৰান্তত ফিল্ডত আছিল,” জয়শ্ৰীয়ে কয়। “তেওঁ বাহিৰলৈ গ’লে প্ৰতিবাৰেই আমি চিন্তাত পৰিছিলো। তেওঁ মধুমেহ ৰোগত ভূগি আছিল আৰু উচ্চ ৰক্তচাপো আছিল। কিন্তু নিজৰ কাম কৰিবই লাগিব বুলি তেওঁ কৈছিল।”
২২ মাৰ্চৰ দিনা ধাৱাৰেৰ গাত ক’ভিডৰ লক্ষণে দেখা দিয়ে, গাৰ বিষ আৰু জ্বৰ। “তেওঁৰ স্বাস্থ্য ভাললৈ নহাত আমি তেওঁক চহৰৰ অসামৰিক চিকিৎসালয়লৈ লৈ গ’লো,” জয়শ্ৰীয়ে কয়। পৰীক্ষা কৰোতে পজিটিভ অহাত তেওঁক ভৰ্ত্তি কৰোৱা হয়। “সুবিধাবোৰ ইমান ভাল নাছিল আৰু তেওঁৰ স্বাস্থ্য সিমান ভাললৈ অহা নাছিল,” জয়শ্ৰীয়ে কয়। সেয়ে ৩১ মাৰ্চৰ দিনা পৰিয়ালটোৱে তেওঁক ৬০ কিলোমিটাৰ দূৰৰ সোলাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱাৰ সিদ্ধান্ত ল’লে।
তাতে ছটা দিন কটোৱাৰ পিছত ৬ এপ্ৰিলৰ দিনা ধাৱাৰেৰ মৃত্যু হয়।









