দুৰ্দশাৰ সেই দিনবোৰ কেনেকৈ পাৰি কৰি আহিল, উজ্জ্বলাই ভাবি নিজেই আচৰিত হয়।
মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলত ইজনৰ পিছত সিজনকৈ আত্মহত্যা কৰা কৃষকৰ তালিকাখনত এটা দশক আগতে যোগ হৈছিল উজ্জ্বলা পেঠকাৰৰ স্বামীৰ নাম। দশক বাগৰিল, এতিয়া দুকুৰি বয়সৰ বিধৱাগৰাকীয়ে নিজৰ আৰু পৰিয়ালটোৰ জীৱনবোৰ ধীৰে ধীৰে চিজিল লগাইছে।
কিবা এটা কাৰণত তেওঁ জীয়াই থাকিল। “হয়তো,” অলপ সময় তভক মাৰি ৰোৱাৰ পিছত তেওঁ কয়, “সন্তানহালৰ মুখলৈ চাই।”
উজ্জ্বলাৰ বেজাৰ কৰি বহি থাকিবলৈ সময় নাছিল, জিৰণি ল’বলৈ বিলাসিতা নাছিল আৰু ভৰসা কৰিবলৈকো কোনো নাছিল। প্ৰভাকৰে কীটনাশক সেৱন কৰাৰ সময়ত তেওঁৰ বয়স ডেৰ কুৰি। সমস্ত দায়িত্ব তেওঁৰ ওপৰতে পৰিল। খেতিখন চোৱা-চিতা কৰাৰ পৰা ঋণ পৰিশোধ কৰা আৰু নিজৰ ল’ৰা-ছোৱালী দুটাক ডাঙৰ-দীঘল কৰালৈকে।
যোৱা এটা দশক উজ্জ্বলাক এনেদৰে দুশ্চিন্তাই খুলি খুলি খাইছে যে খেতি চপাই থকা সময়ত তেওঁৰ চকুলো ওলাইছে। এইখনেই তেওঁৰ পথাৰ – ৱাৰ্ধা চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ কুৰ্ঝাদি গাঁৱত থকা তেওঁৰ পাঁচ একৰ খেতিমাটি। কুৰ্ঝাদি গাঁৱৰ জনসংখ্যা প্ৰায় দুহেজাৰ। বসন্তৰ আগৰ ৰ’দজাক যেন জুইহে আছিল, কিন্তু উজ্জ্বলা পথাৰত থমকি ৰোৱা নাছিল। “মই কাম নকৰিলে মোৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব – মই সিহঁতৰ বাবে এইখিনিনো কি, আৰু কষ্ট কৰিব পাৰিম।”
অকলশৰে, নিজেই নিজৰ ছাঁত জিৰণি লোৱা এইগৰাকী উজ্জ্বলা, বিদৰ্ভৰ কৃষি-বৈধব্যৰ চিকাৰ, অথচ কোনো কাৰণতে জীৱনৰ ওচৰত হাৰ নমনা এক সত্ত্বা। তেওঁ এক অদম্য কৃষকৰ প্ৰতীক, আত্মহত্যা কৰা শ শ কৃষকৰ বিধৱা পত্নীসকলৰ এক প্ৰতিনিধি। কান্ধত পৰিয়ালৰ বোজা লৈ তেওঁ খেতিৰ কেতিয়াও শেষ নোহোৱা সমস্যাবোৰৰ সৈতে অহৰহ যুঁজিছে। ‘নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰু’ৰ প্ৰতিবেদন অনুসৰি ১৯৯৫ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ভাৰতত তিনি লাখ কৃষক আৰু কৃষিশ্ৰমিকে আত্মহত্যা কৰিছে। ২০০৩ চনত উজ্জ্বলাৰ স্বামীয়ে আত্মহত্যা কৰিছিল। বিদৰ্ভত তেতিয়া কপাহৰ খেতিৰ সংকট ধীৰে ধীৰে দেখা দিছিল।






