নাৰিকল গছবোৰৰ তলত সৰি পৰা ডাল এটাৰে থনকম্মা এ.কে.য়ে মাটিত কোবাই তেওঁৰ উপস্থিতি ঘোষণা কৰে। “এই ঘাঁহ-বনেৰে ছানি ধৰা ঠাইবোৰত মই অতি সাৱধানে সোমাওঁ। লাঠীৰে মাটিত কোবাই শব্দ কৰি লওঁ যাতে সাপ থাকিলে আঁতৰি যায়,” ওখ ওখ নাৰিকল গছবোৰৰ তলত থকা ঘন লতাজাতীয় গছ, ভঙা গছৰ ডাল আৰু বনৰীয়া ঘাঁহ-বনবোৰৰ মাজেৰে কোনো জীৱ-জন্তুৰ মুখামুখি নহ’বলৈ সাৱধানেৰে বাট বুলোতে তেওঁ কয়।
এই ছন পৰা মাটিডৰা হৈছে এৰ্নাকুলামৰ এটা আৱাসিক অঞ্চলত থকা এটুকুৰা খালী মাটি। “এই বাটটোত [ভাল] নাৰিকল এটা বিচাৰি পোৱাটো হৈছে এক সৌভাগ্য!” জীৱন-ধাৰণৰ বাবে উপাৰ্জন কৰিবলৈ পৰিত্যক্ত ঠাইত সৰি পৰি থকা নাৰিকলবোৰ গোটোৱা আৰু বিক্ৰী কৰা এই ৬২ বছৰীয়া মহিলাগৰাকীয়ে কয়। নাৰিকল হৈছে মালায়ালী ৰন্ধনৰ এক প্ৰধান উপকৰণ, যাৰ বাবে এই ফলবিধৰ চাহিদা গোটেই বছৰজুৰি থাকে।
“আগতে কাম শেষ হোৱাৰ পাছত মই এই দাঁতিকাষৰীয়া অঞ্চল (পুথিয়া ৰ’ড জংছন) টোৰপৰা নাৰিকল সংগ্ৰহ কৰিছিলোঁ, কিন্তু অসুখৰ বাবে এতিয়া মই কাম কৰিব নোৱৰা হ’লো,” ওখ ঘাঁহবোৰৰ মাজেৰে গৈ থাকোঁতে থনকম্মাই কয়। মাজে-সময়ে তেওঁ উশাহটো ঘূৰাবলৈ ৰৈ যায় নতুবা ভৰ দুপৰীয়াৰ চোকা ৰ’দৰপৰা চকুযুৰি ঢাকি ধৰি ফলটো ভালকৈ চায়।
পাঁচ বছৰৰ আগতে থনকম্মাই শ্বাসকষ্ট, অত্যধিক ভাগৰুৱা অৱস্থা আৰু অন্যান্য থাইৰয়ড সম্পৰ্কীয় জটিলতাত ভুগিবলৈ ধৰিছিল। এই ৰুগীয়া অৱস্থাই তেওঁক মাহে ৬০০০ টকা উপাৰ্জন কৰা ঘৰুৱা বনকৰা কৰ্মী হিচাপে তেওঁৰ পূৰ্ণ-কালীন কামটো এৰিবলৈ বাধ্য কৰিছিল। থনকম্মাৰ বাবে ঘৰত সোমাই থকাটো এটা বিকল্প নাছিল, কাৰণ তেওঁৰ কাৰণে উপাৰ্জন কৰাটো অতি প্ৰয়োজনীয়। গতিকে তেওঁ কাষৰীয়া অঞ্চলবোৰত ঘৰ-চোতাল সৰাৰ দৰে শাৰীৰিকভাৱে কম কষ্ট হোৱা কাম কৰিবলৈ ওলাই গৈছিল। ক’ভিড-১৯ অহাৰ লগে লগে সেই কামো বন্ধ হৈ পৰে।














