২৫ ফুট ওখ গছডালৰ ওপৰৰ পৰা তললৈ চাই হুমায়ুন শ্বেইখে কৈছে, “আঁতৰি দিয়ক! গাতে পৰিব, দুখ পাব।”
তেওঁৰ তলত যাতে মাটিত কোনো নাই, সেয়া নিশ্চিত কৰি তেওঁ ধেনুভিৰীয়া দাখনেৰে এবাৰতে থোক এটা কাটিছে, লগে লগে বৰষুণ পৰাদি মাটিত নাৰিকল পৰিছে। ধপ্! ধপ!
কেইমিনিটমানৰ ভিতৰতে কাম শেষ কৰি তেওঁ মাটিত নামিছে। নাৰিকল গছত উঠা আন মানুহৰ পৰিৱৰ্তে তেওঁৰ অসাধাৰণ গতি আৰু কম সময়তে কৰা উঠা-নমা কৰিব পৰাৰ কাৰণ এটা আছে – সেয়া হৈছে তেওঁৰ হাতত থকা নাৰিকল গছত উঠিবলৈ ব্যৱহৃত এটা বিকল্প মেচিন।
তেওঁ ব্যৱহাৰ কৰা সঁজুলিবিধ পেঙৰ দৰে, তলত ভৰি ৰখা ঠাই আছে। তাতে দীঘল ৰছী আছে, যিডাল নাৰিকলৰ গা-গছত লগোৱা হয়। এই সঁজুলিবিধ ব্যৱহাৰ কৰি তেওঁ এনেকৈ নাৰিকল গছত উঠে, যেন তেওঁ চিৰিৰেহে ক’ৰবাত উঠিছে।








