চাহিদা আৰু তাইৰ দৰে আন ৰোগীবোৰে স্বাস্থ্যকেন্দ্ৰটোত ৰৈ থকাৰ মাজতে কথাও পাতিছে। ২০১৭ চনৰ জানুৱাৰী মাহত ১৮ টা কোঠাৰ স্বাস্থ্য কেন্দ্ৰটোত লগোৱা সৌৰ পেনেলবোৰৰ কথাই তেওঁলোকৰ আলোচনাত ঘাইকৈ ওলাইছে। ২০ খন পেনেলৰ ১৬ টা বেটাৰীৰ এই ব্যৱস্থা কৰিছে আচাম এনাৰ্জি ডেভলপমেণ্ট এজেঞ্চীয়ে।
বহু শতিকাৰ মুৰত সৌৰশক্তিয়ে চৰাঞ্চলৰ বাসিন্দাসকলৰ স্বাস্থ্যসেৱাৰ গুণাগুণ উন্নত কৰি তুলিছে। "এই স্বাস্থ্যকেন্দ্ৰটোত এতিয়া বিদ্যুতশক্তি আৰু চালু পানীও আছে," সৌৰ পেনেলবোৰৰ পিনে আঙুলিয়াই চাহিদাই কয়। "এতিয়া গৰ্ভৱতী মহিলাই ইয়ালৈ চিকিৎসা সেৱা লাভ কৰাৰ বাবে আহিব পাৰে আৰু সন্তান জন্ম দিব পাৰে।"
বীৰছিঙৰ দৰে ভৌগোলিকভাৱে বিচ্ছিন্ন এলেকা এটাত আনুষ্ঠানিক প্ৰসৱৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা গীতাই কয়, "মই ধাত্ৰী আৰু চুবুৰীয়াৰ সহযোগত (দুটাকৈ সন্তান) জন্ম দিছিলো। দুয়োবাৰতেই মই চিন্তাত পৰিছিলো, মই সিহতৰ পাৰদৰ্শিতাক লৈ অনিশ্চিত আছিলো। কিন্তু মোৰ কোনো বিকল্প নাছিল আৰু সিহতেই মোক আস্বস্ত কৰিছিল যে মোৰ একো নহয়…"
স্বাস্থ্যকেন্দ্ৰটোত সৌৰপেনেল লগোৱাৰ আগেয়ে গৰ্ভৱতী মহিলাই জৰুৰীকালীন চিকিৎসাৰ বাবে নৈৰ সিপাৰে ধুবুৰী চহৰৰ চৰকাৰী অথবা ব্যক্তিগত হস্পিতাললৈ দৌৰিবলগা হৈছিল। নাও এখন ভাড়ালৈ লোৱাটোও কম খৰছ নহয়, কিয়নো দিনৰ নাওসেৱা বন্ধ হোৱাৰ পিছত সন্ধ্যা হ'লেই তাতে ২ হাজাৰৰ পৰা ৩ হাজাৰ টকা লাগে। তাৰ ওপৰত আকৌ হস্পিতালৰ খৰছ আছেই।
বীৰছিঙত থকা স্বাস্থ্যকেন্দ্ৰটো আবেলি বন্ধ হয় আৰু তাৰ পিছতে যিকোনো জৰুৰীকালীন পৰিস্থিতিত মানুহে ধুবুৰীলৈ দৌৰিবলগা হয়। কিন্তু সৌৰশক্তিচালিত বিদ্যুতে পিছত স্বাস্থ্যকেন্দ্ৰটোক নতুন জীৱন দিছে। "সৌৰ ফলকবোৰ ২০১৭ চনৰ জানুৱাৰী মাহত স্থাপন কৰা হৈছিল আৰু ফেব্ৰুৱাৰীৰ পাৰ মাৰ্চ মাহৰ ভিতৰত আমি ১৮ টা প্ৰসৱ কৰাইছো," ডাক্তৰ জৱাহৰলাল চৰকাৰে কয়। ডাক্তৰ চৰকাৰে ফকিৰাগঞ্জত ২০১৪ চনত উপ-সংমণ্ডল চিকিত্সা বিষয়া হিচাপে অৱসৰ লোৱাৰ পিছত স্বাস্থ্যকেন্দ্ৰটোৰ মুৰব্বী হিচাপে দায়িত্ব লয়। "চৰত আমাৰ ১০ গৰাকী আশাকৰ্মী (এক্ৰেডিটেড ছচিয়েল হেলথ এক্টিভিষ্ট) আছে আৰু তেওঁলোক সকলোৱে অঞ্চলটোৰ গৰ্ভৱতী মহিলাসকলে হস্পিতালত প্ৰসৱ কৰাটো নিশ্চিত কৰে।"