পেৰাই ড্ৰামৰ ধ্বনি শুনাৰ লগে লগে সমদলটো আৰম্ভ হয়৷
প্ৰায় ৬০ জন লোকৰ ভিৰৰ পৰা এটা চিঞৰ শুনা যায়: "জয় জয় জয় জয় ভীম, জয় আম্বেদকাৰ জয় ভীম।" এয়া হৈছে মুম্বাইৰ ধাৰাৱীৰ ৬ ডিচেম্বৰ, ২০২২ তাৰিখে ড০ বি. আৰ. আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকীত আয়োজিত মহাপৰিনিৰ্বাণ ৰেলী।
মানুহবোৰে এডাল এডালকৈ তেওঁলোকৰ হাতৰ মমবাতি জ্বলায় আৰু ধাৰাৱীৰ পেৰিয়াৰ চ’কত একত্ৰিত হয় আৰু হঠাতে মুম্বাই চহৰৰ এছিয়াৰ এই সৰ্ববৃহৎ বস্তিটো উদযাপনৰ সৈতে উজ্বীৱিত হৈ উঠে। মহাপৰিনিৰ্বাণ দিৱস (ড০ বি.আৰ. আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকী) অনুষ্ঠানটো জয় ভীম ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত কৰা হৈছে। সমদলটো প্ৰায় দুঘণ্টা ধৰি চলিব আৰু ই.ভি. ৰামাস্বামী (পেৰিয়াৰ) চ’কৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৈৰ গণেশন কোভিলৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ স্থানলৈ যাব।
"আজিৰ দিনটো আমাৰ বাবে এক উৎসৱৰ দৰে। সমগ্ৰ মুম্বাই চহৰখনে ১৪ এপ্ৰিল (আম্বেদকাৰৰ জন্মদিন) আৰু ৬ ডিচেম্বৰৰ দিনটো মহান নেতাজনক আৰু বৈষম্যমূলক আচৰণৰ সন্মুখীন হোৱা লোকসকলৰ সপক্ষে তেওঁৰ অৱদানক স্মৰণ কৰিবলৈ উদযাপন কৰে," গিৰীয়েক সুৰেশ কুমাৰ ৰাজুৰ পত্নী, ফাউণ্ডেছনৰ অন্যতম গুৰিধৰোঁতা ভেনিলা সুৰেশ কুমাৰে কয়। "আমি সমগ্ৰ পথটো নীলা পতাকাৰে সজাইছিলো আৰু ঘৰে ঘৰে গৈ ৰাইজক আমাৰ সৈতে যোগ দিবলৈ আমন্ত্ৰণ জনাইছিলো।"
তাৰপাছত তেওঁ ধাৰাৱীত থকা আম্বেদকাৰৰ একমাত্ৰ মূৰ্তিটোত মাল্যৰ্পণ কৰিলে আৰু আম্বেদকাৰৰ অৰিহণাক লৈ তামিল ভাষাত সমবেত সংগীত পৰিৱেশনত যোগদান কৰিলে।

















