১৬ জুনৰ নিশা অসমৰ দৰং জিলাৰ নগাঁও গাঁওখনৰ আন লোকসকলৰ দৰে লৱ দাসেও ননৈ নৈৰ পাৰত বালিৰ বস্তা জাপি দিয়াত ভীষণভাৱে ব্যস্ত হৈ পৰিছিল। গাঁওখনৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ এই উপনৈখনৰ মথাউৰি যিকোনো মুহূৰ্ততে ভাঙিব পাৰে বুলি ৪৮ ঘণ্টা পূৰ্বেই তেওঁলোকক সকীয়াই দিয়া হৈছিল। ভয়াৱহ অঘটনৰ সম্ভাৱনালৈ চাই ননৈৰ পাৰৰ গাঁওসমূহৰ ৰাইজক এনেদৰে বালিৰ বস্তা যোগান ধৰিছিল জিলা প্ৰশাসনে।
'নিশা প্ৰায় ১ বজাত মথাউৰি ভাঙিছিল। এঠাইতেই নহয়, কেবাঠাইতো মথাউৰি উটুৱাই নিয়াত আমি একপ্ৰকাৰ অসহায় হৈ পৰিছিলো।’-সেইদিনা নিশাৰ ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰি এইদৰে কয় ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁওখনৰ হীৰা চুবুৰীৰ বাসিন্দা লৱই। দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱত একেৰাহে প্ৰায় ৫ দিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাত ৰাজ্যখনৰ নৈসমূহ ওফন্দি উঠিছিল। বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে অসম আৰু মেঘালয়ত ১৬-১৮ জুনৰ সময়ছোৱাত অতিবৃষ্টি (এদিনত ২৪৪.৫ মিলিমিটাৰ বা তাতকৈও অধিক)ৰ সম্ভাৱনা ব্যক্ত কৰিছিল।
ধাৰাসাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে উফন্দি উঠা ননৈয়ে ১৬ জুনৰ নিশা প্ৰায় ১০.৩০ বজাত নগাঁও গাঁওখনৰ পৰা ১ কিলোমিটাৰ দূৰৰ খাছদিপীলা গাঁৱৰ কলিতাপাৰা চুবুৰীতো মথাউৰি উটুৱাই নিছিল। ননৈৰ এই তাণ্ডৱত চুবুৰীটোৰ এগৰাকী বাসিন্দা জয়মতী কলিতাৰ একোৱেই বাকী নাথাকিল। 'এপাত চামুছো বিচাৰি নাপালো, সব উটি গ’ল’-এই মন্তব্য টিনৰ চালি আৰু তিৰ্পাল দিয়া অস্থায়ী আশ্ৰয়স্থলৰ বাহিৰত বেজাৰ মনেৰে বহি থকা দুৰ্ভগীয়া জয়মতীৰ। চকুলো মচি জয়মতীয়ে আৰু কয়, 'ননৈৰ ঢলে খেতি-বাতি, গোহালি সোপাকেই উটুৱাই দিলে, একোৱেই নৰ’ল।’
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ বান সম্পৰ্কীয় দৈনিক প্ৰতিবেদন মতে বানৰ ফলত ১৬ জুনত ৰাজ্যখনৰ ২৮ খন জিলাৰ অতিকমেও ১৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত ৩ খনৰ জিলাৰ অন্যতম দৰং জিলাত সেইদিনা নিশা হোৱা বানত আক্ৰান্ত হয় প্ৰায় ৩ লাখ লোক। ননৈয়ে তাণ্ডৱ চলোৱা দিনটোতেই ৰাজ্যখনৰ আন ৬ খন নৈ বেকী, মানাহ, পাগলাদিয়া, পুঠিমাৰী, জীয়াভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীয়ো বিপদসীমাৰ ওপৰেৰে বৈ আছিল।

























