গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
দৃশ্যমান কাম, অদৃশ্য নাৰী
তেওঁ পাহাৰৰ ওখ ঢালটোৰ পৰা নামি আহি আছিল, মূৰত ডাঙৰ বোজা, ইমানেই ডাঙৰ যে তেওঁৰ মুখখন দেখা নগৈছিল। এয়াই দৃশ্যমান কাম, অদৃশ্য নাৰী। ওড়িশাৰ মলকানগিৰিত দিনহাজিৰা কৰা এই ভূমিহীন মহিলাগৰাকীৰ এয়া প্ৰাত্যহিক জীৱন। পানী ধৰা, খৰি লুৰুকি অনা আৰু পশুখাদ্য সংগ্ৰহ কৰা। এই তিনিটা কামত মহিলাসকলৰ জীৱনৰ এক-তৃতীয়াংশ অতিবাহিত হয়। দেশৰ কিছুমান ঠাইত মহিলাসকলে দিনে সাত ঘণ্টা কেৱল তেওঁলোকৰ পৰিয়ালৰ বাবে পানী আৰু খৰি সংগ্ৰহ কৰাত অতিবাহিত কৰে। জন্তুৰ বাবে পশুখাদ্য সংগ্ৰহ কৰিবলৈও সময়ৰ প্ৰয়োজন হয়। গ্ৰামীণ ভাৰতৰ লক্ষাধিক মহিলাই এই বস্তুবোৰ সংগ্ৰহ কৰিবলৈ প্ৰতিদিনে কেইবা কিলোমিটাৰো খোজ কাঢ়ে।
মূৰত কঢ়িওৱা বোজা অতি গধুৰ। মলকানগিৰিৰ পাহাৰৰ ঢাপত বগাই থকা এই জনজাতীয় মহিলাগৰাকীৰ মূৰত প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ কাঠ খৰি আছে। আৰু খোজ কাঢ়ি পাৰ হ’বলৈ তেওঁৰ তিনি কিলোমিটাৰ বাকী আছে। বহুতো মহিলাই তেওঁলোকৰ ঘৰলৈ পানী আনিবলৈ একে পৰিমাণৰ দূৰত্ব বা ততোধিক দূৰত্ব ভ্ৰমণ কৰে।






