১ মে’, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনা, আমি এইটো গণ্ডিয়াৰ সেই মহিলা শ্ৰমিকসকলৰ সন্মানাৰ্থে পুনঃপ্ৰকাশ কৰিছো, গণ্ডিয়াৰ সেই মহিলা শ্ৰমিকসকলৰ বিষয়ে পহিলা এই প্ৰবন্ধটো ২৭ জানুৱাৰী, ২০০৭ত “দ্য হিন্দু”ত প্ৰকাশিত হৈছিল যদিও তেতিয়াৰ পৰা এতিয়ালৈকে এই সকলৰ অৱস্থাৰ বিশেষ একো উন্নতি হোৱা নাই।
ৰেৱন্তাবাই কাম্বলেয়ে তাইৰ ছয় বছৰীয়া পুত্ৰৰ সৈতে কেবামাহ ধৰি কথা পতা নাই। অৱশ্যে, তেওঁলোকে তিৰোৰাৰ একেটা ঘৰতে থাকে। বুঢ়়ীবাই নাগপুৰেৰ ক্ষেত্ৰটো একেই, অৱশ্যে তাই কেতিয়াবা তাইৰ ডাঙৰ ল’ৰাটোক দেখা পায়, যদিহে সি সাৰ পায় থাকে। দুয়োগৰাকী মহিলা মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ এই এলেকাত থকা শ শ মহিলাৰ মাজৰে, যিয়ে ঘৰত দিনে মাত্ৰ ৪ ঘণ্টা সময় থাকে আৰু দৈনিক ৩০ টকা উপাৰ্জন কৰিবলৈ প্ৰতি সপ্তাহত ১০০০ কিলোমিটাৰৰো অধিক ভ্ৰমণ কৰে।
ৰাতিপুৱা ৬ বাজিছে। আমি এই মহিলাসকলৰ লগত তেওঁলোকৰ ঘৰৰ পৰা ৰেল ষ্টেচনলৈ খোজকাঢ়ি যাওঁ। এওঁলোকৰ অধিকাংশই দুঘণ্টাৰ আগতেই শোৱাৰ পৰা উঠিছে। “মই ৰন্ধা-বঢ়া, কাপোৰ ধোৱা, ঝাড়ু দিয়া আৰু চাফা কৰা কাম শেষ কৰিলো,” বুঢ়ীবাইয়ে আনন্দৰে ক’লে। “সেই বাবে এতিয়া আমি কথা পাতিব পাৰো।” যেতিয়া আমি সেই ঠাই আহি পাওঁ, ঘৰৰ আন সদস্যসকলৰ কোনো সাৰ পোৱা নাছিল। “বেচেৰাবোৰ, ভাগৰি পৰিছে,” তেওঁ কয়। বুঢ়়ীবায়ো ভাগৰি পৰা নাই নেকি? “হয় পৰিছো, কিন্তু কি কৰা যায়? আমাৰ হাতত কোনো বিকল্প নাই।”
ষ্টেচনত বিকল্প নথকা বহুত মহিলা আছে। এক অৰ্থত তেওঁলোকৰ এই প্ৰব্ৰজন সচৰাচৰ কৰা প্ৰব্ৰজনৰ দৰে নহয়। তেওঁলোকে গাঁৱৰ পৰা চহৰলৈ যোৱা প্ৰবাসী নহয়। তেওঁলোক হৈছে গাঁৱত কাম বিচাৰি ফুৰা চহৰীয়া অঞ্চলৰ মুক্ত শ্ৰমিক। এই সন্ধানে তেওঁলোকক তিৰোৰাৰ দৰে মফচলীয়া চহৰৰ পৰা গাঁৱৰ সেই তপত ৰ’দত খেতি পথাৰত হাজিৰা কৰা কামলৈ বুলি লৈ যায়। তেওঁলোকে প্ৰতিদিনে জীৱনৰ ২০ ঘণ্টা সময় নিজৰ ঘৰৰ পৰা দূৰত পাৰ কৰে। সপ্তাহত কোনো ছুটী নাই আৰু তিৰোৰাত কোনো ধৰণৰ কাম পাবলৈ নাই। “বিড়ি উদ্যোগটো বন্ধ হোৱাৰ পিছত ইয়াত কাম পোৱাটো অসম্ভৱ হৈ পৰিছে,” গণ্ডিয়া জিলাৰ কিষাণ সভাৰ সম্পাদক মহেন্দ্ৰ ৱালডেই কয়।








