‘এয়া তৃতীয়বাৰৰ বাবে মোৰ গাধটোৱে পানী পাহাৰৰ ওপৰলৈ নিবলৈ ওলাইছে,’ হুমুনিয়াহ কাঢ়ি ডালি বাড়াই কয়। ‘গাধটোৰ ভাগৰ লাগে, কিন্তু আমাৰ হাতত দিবলৈ তেনেকৈ দানাও নাই।’
৫৩ বৰ্ষীয় ডালি বাড়াৰ ঘৰত মই উপস্থিত হোৱাৰ সময়ত তেওঁ গাধটোক উচ্ছিষ্ট ৰহৰ দাইল আৰু ঘাঁহ খুৱাই আছিল। তেওঁৰ গিৰী বাড়াজীয়ে আকাশৰ ফালে চাই আছিল। সেয়া আছিল জুন মাহৰ মধ্যভাগ। ‘বৰষুণ দিব বোধকৰো,’ ৰাজস্থানী বাগ্ৰি ভাষাত তেওঁ ক’লে। ‘বৰ্ষাকালত পানী একেবাৰে ঘোলা হৈ পৰে, সেই লেতেৰা পানী আনিবলৈ গাধটো লৈ তেওঁ ওলাই যায়।’
ৰাজস্থানৰ উদয়পুৰ জিলাৰ ৰিষভদেউ টেহচিলৰ এই পাচা পাড়লা নামৰ গাওঁখনৰ জনসংখ্যা ১০০০ মান। গাওঁখন উদয়পুৰ জিলাৰ পৰা মোটামুটি ৭০ কিলোমিুটাৰ মান দূৰত অৱস্থিত। তাতে মানুহ-জীৱ-জন্তুই বৰষুণৰ পানীৰে পিয়াহ গুচায়। সেয়াও শুকাই গ’লে গাঁত খান্দি পানী উলিয়ায়। বৰষুণ দিলে সেই গাঁতবোৰ লেতেৰা আৱৰ্জনাৰে ভৰি পৰে, চাফা পানী পোৱাৰ আশাত পাচা পাড়লাৰ গঞাই আৰু গাঁত খান্দে। বহু পৰিয়ালে আকৌ ঘৰচীয়া গাধৰে তলৰ পৰা পানী আনে। আন মানুহে কোৱা মতে পাড়লা মানে হৈছে পানী কঢ়িয়াবলৈ গাধ ব্যৱহাৰ কৰা ঠাই।
গাধই কঢ়িয়াই অনা পানী ঘৰৰ আন কাম-কাজতো খাটে। অৱশ্যে বহু সময়ত মহিলাই কাপোৰ-কানি, বাচন-বৰ্তন আদি জান-জুৰি নাইবা কুঁৱাৰ পাৰতে ধোৱাৰ চেষ্টা কৰে। গাধ কিনাটো একধৰণৰ বিনিয়োগ। এই বিনিয়োগেৰে বছৰটোৰ গোটেইকেইটা মাহতে পাহাৰৰ ওপৰলৈ পানী কঢ়িয়াব পাৰি।






