“এয়া কেৱল পুতলা বা প্ৰদৰ্শনৰ কথা নহয়,” ৰামচন্দ্ৰ পুলাৱাৰে কয়। ৪০ বছৰ ধৰি তোলাপাৱকুট্টু শৈলীৰ পুতলা নাচ দেখুওৱা ৰামচন্দ্ৰই বিশ্বাস কৰে যে বিভিন্ন সম্প্ৰদায়ৰ শিল্পীয়ে লগ লাগি পুতলা নাচৰ যোগেদি কোৱা বিভিন্ন সংস্কৃতিৰ কাহিনীয়ে কেৰালাৰ মালাবৰ অঞ্চলৰ ঐক্য-সংহতিৰ পৰম্পৰা দাঙি ধৰে।
“আমাৰ সাংস্কৃতিক ঐতিহ্যক মৰহি যাবলৈ নিদি সেয়া ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই নিয়াৰ কাম পুতলা নাচে কৰে। তোলপাৱকুট্টুৰ যোগেদি কোৱা গভীৰ অৰ্থৱহ কাহিনীয়ে মানুহক ভাল হোৱাৰ দিশে আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগায়,” তেওঁ যোগ দিয়ে।
তোলপাৱকুট্টু কেৰালাৰ ছাঁ-পুতলা নাচৰ এক পাৰম্পৰিক শিল্প। ঘাইকৈ মালাবৰ অঞ্চলৰ ভাৰতপুঢ়া (নীলা) নদীৰ উপকূলৱৰ্তী গাওঁবোৰত এই পুতলা নাচৰ প্ৰচলন আছে। পুতলা নচুওৱা লোকসকল বিভিন্ন জাতি-জনগোষ্ঠীৰ আৰু এই পুতলা নাচ সকলোৰে বাবে মুকলি।
তোলপাৱকুট্টু সাধাৰণতে মন্দিৰ চৌহদৰ বাহিৰত থকা স্থায়ী নাট্যমন্দিৰ, যাক স্থানীয় ভাষাত কুথুমাদম বোলে, তাত প্ৰদৰ্শিত হয়। সমাজৰ সকলো স্তৰৰ লোকেই যাতে পুতলা নাচ চাব পাৰে, সেই উদ্দেশ্যেই মন্দিৰৰ বাহিৰত পুতলা নাচ প্ৰদৰ্শিত হয়। দেৱী ভদ্ৰকালী পবিত্ৰ কুঞ্জবনত অধিষ্ঠিত হোৱাৰ বাৰ্ষিক উৎসৱৰ অংশ হিচাপে এই পুতলা নাচ প্ৰদৰ্শন কৰা হয়। ৰাম-ৰাৱণৰ যুদ্ধ প্ৰদৰ্শিত হয়। অৱশ্যে ধৰ্মীয় কাহিনীতে এই পুতলা নাচ সীমাবদ্ধ নহয়, বিভিন্ন লোককথাৰ কাহিনীও এই পুতলা নাচৰ কাহিনীত সোমাই পৰে।
পুতলা নাচৰ শিল্পী নাৰায়নন নায়াৰে কয়, “পুতলা নাচৰ বাবে আৰ্থিক বা আন কোনো প্ৰকাৰৰ সহায়ৰ বাবে বহুত কষ্ট কৰিবলগীয়া হয়। কোনেও তোলপাৱকুট্টুৰ মোল নুবুজে, ইয়ো যে সংৰক্ষণ কৰিবলগীয়া এক শিল্প, মানুহে সেয়া বুজি নাপায়।”
এই ফিল্মখনৰ যোগেদি পুতলা নাচৰ শিল্পী বালকৃষ্ণ পুলাৱাৰ, ৰামচন্দ্ৰ পুলাৱাৰ, নাৰায়নন নায়াৰ আৰু সদানন্দ পুলাৱাৰৰ কণ্ঠ শুনিবলৈ পাব, যিয়ে হাজাৰ বাধা স্বত্ত্বেও আজিও এই ঐতিহ্যময় শিল্পৰ ধাৰা অব্যাহত ৰাখিছে।


