ৰামা আদেল্লু গাণ্ডেৱাড়ৰ মনটো অনবৰতে উদ্বিগ্ন হৈ থাকে। ইয়াৰ কাৰণ তেওঁ নিজে নজনা নহয়। ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ আতংক কমিছে যদিও তেওঁ ইয়াৰ ভয়াৱহ স্মৃতিবোৰ মচি পেলাব পৰা নাই। “শ্মশানখনত ভিৰ কমিছে,” তেওঁ কয়। “কিন্তু কি হ’ব যদিহে তৃতীয় ঢৌ আহে? মই সেই ভয়াৱহতাৰ মাজেৰে আকৌ এবাৰ পাৰ হোৱাৰ কথা ভাবিব নোৱাৰোঁ।”
শ্মশানৰ কাম কৰা তিনি কুৰি বছৰ বয়স গৰকা ৰামা মহাৰাষ্ট্ৰৰ ওচমানাবাদ চহৰত থকা কপিলধৰ শ্মশান ভূমিত কৰ্মৰত। তেওঁ তেওঁৰ পৰিয়ালসহ শ্মশানৰ চৌহদতে থাকে। তেওঁৰ পৰিয়ালত আছে তেওঁৰ ৭৮ বছৰীয়া মাতৃ আদিলবাই, ৪০ বছৰীয়া পত্নী লক্ষ্মী আৰু তেওঁলোকৰ চাৰিজনী জীয়েক- ৰাধিকা (১৮), মনিষা (১২), সত্যশীলা (১০), আৰু সাৰিকা (৩)। ৰাধিকাৰৰ বিয়া হৈছে, তেওঁৰ ২২ বছৰীয়া স্বামী গণেশো তেওঁলোকৰ লগতে থাকে।
শ্মশানখন পৰিচালনা কৰাটো ৰামাৰ দায়িত্ব। “মই চিতা সাজু কৰোঁ, মৃতদেহবোৰ সত্কাৰৰ পিছত থাকি যোৱা ছাঁই আদি পৰিস্কাৰ কৰা এনে বহুতো কাম কৰোঁ।” এইবোৰ কামত গণেশে তেওঁক সহায় কৰে। “ইয়াৰ বাবে আমি (ওচমানাবাদ) পৌৰ পৰিষদৰ পৰা মাহে ৫০০০ টকা পাওঁ,” ৰামাই কয়। তেওঁলোক দুয়োজনে মিলি কৰা এই কামটোৰ বাবে পোৱা ধনেই তেওঁলোকৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ উত্স।
মূলতে ওচমানাবাদ চহৰৰ পৰা ২০০ কিলোমিটাৰতকৈও দূৰত্বত অৱস্থিত নান্দেড় নিবাসী ৰামা আৰু তেওঁৰ পৰিয়ালটো প্ৰায় ১২ বছৰ আগতেই ইয়ালৈ আহিছিল। তেওঁলোক মছানযোগী সম্প্ৰদায়ৰ, এই সম্প্ৰদায়টো মহাৰাষ্ট্ৰৰ এটা যাযাবৰ জনজাতি ৰূপে পৰিচিত। পৰম্পৰাগতভাৱে মছানযোগীসকলে মৃতদেহ সত্কাৰ কৰে আৰু ভিক্ষা মাগে। গণ্ডেৱাড়ৰ দৰে কিছুমান পৰিয়ালে শ্মশানভূমি আৰু কবৰ স্থানতে বাস কৰে।









