ওচমানাবাদ জিলাত এই বছৰ যেতিয়া ক’ভিড-১৯ৰ দ্বিতীয় সংক্ৰমণ আৰম্ভ হ’ল, ই কেৱল দুৱাৰমুখলৈ অহাই নহয়, একেবাৰে মানুহৰ দেহত প্ৰৱেশ কৰিলে। তুলজাপুৰ তহচিলত ক’ভিডে সৃষ্টি কৰা সংকট ক্ষীপ্ৰ কৰি তোলাৰ ক্ষেত্ৰত তুলজা ভবানী মন্দিৰক এই মহামাৰীয়ে বাধ্য কৰালে।
ক’ভিড-১৯য়ে এবাৰ মৃত্যুৰ দুৱাৰডলিত থিয় কৰোৱা জয়সিং পাটিলে প্ৰতিজ্ঞা কৰিছে যে সম্পূৰ্ণ নিৰাপদ নোহোৱা পৰ্য্যন্ত মন্দিৰত কাকো সোমাব দিয়া নহ’ব। “মই এজন ভক্ত, মই মানুহৰ বিশ্বাসক সন্মান কৰোঁ। কিন্তু মহামাৰী চলি থকাৰ মাজত মন্দিৰ খুলি ৰখা শুভবুদ্ধিৰ পৰিচায়ক নহয়,” তেওঁ কয়।
তুলজা ভবানী মন্দিৰ ন্যাসত ৪৫ বছৰীয়া পাটিলে কেৰাণী হিচাপে কাম কৰে। “এইবছৰৰ ফেব্ৰুৱাৰীত মোক শ শ ভক্তক শাৰী পতাবলৈ কোৱা হ’ল,” তেওঁ কয়। এই মন্দিৰটো তীৰ্থযাত্ৰীৰ বাবে মহাৰাষ্ট্ৰৰ অতিকৈ জনপ্ৰিয় ধৰ্মপীঠ। প্ৰতিদিনে ভাৰতৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ লোক ইয়ালৈ আহে। “ভক্তসকল আগ্ৰাসী, তেওঁলোকক মন্দিৰত সোমাবলৈ নিদিলে আপোনাৰ ওপৰত ক্ৰুদ্ধ হৈ উঠিব। সম্ভৱতঃ ভিৰ নিয়ন্ত্ৰণ কৰাৰ সময়তে মই ক’ভিড-১৯ত সংক্ৰমিত হ’লো।”
তেওঁ এখন চিকিৎসালয়ত ইণ্টেনচিভ কেয়াৰ ইউনিটত প্ৰায় দুসপ্তাহ অক্সিজেনৰ সহায় লৈ থাকিবলগীয়া হৈছিল। তেওঁৰ তেজত অক্সিজেনৰ হাৰ ৭৫-৮০ শতাংশৰ মাজত উঠা-নমা কৰিছিল। ৯২ শতাংশৰ তললৈ গ’লে অৱস্থা শোচনীয় হ’ব বুলি চিকিৎসকে কৈছিল। “মই কোনোমতে বাচি গ’লো, কিন্তু কেইবামাহৰ পিছতো মোৰ ভাগৰুৱা ভাৱ দূৰ হোৱা নাই।” জয়সিঙে কয়।











