‘আমিবোৰপেটে-ভাতে খোৱা মানুহ, বন কৰি পেট প্ৰবৰ্তাও। কিন্তু এতিয়া কৰিবলৈ কাম নাই, গতিকে আমি পইছা ক’ৰপৰা পাম?’ পুণে চহৰৰ কথৰুড় আৰক্ষী থানাৰ অধীনৰ ওচৰৰ লক্ষ্মীনগৰ আবাসিক অঞ্চলৰ বাসিন্দা আবলি কাম্বলেয়ে কয়। ‘ৰেচন নাই। খোৱাবস্তু যদি নাথাকে, তেন্তে ল’ৰা-ছোৱালী কেনেকৈ জীয়াই থাকিব?’
ক’ভিড-১৯ তলাবন্ধৰ ঘোষণা কৰাৰ পাঁচ দিনৰ পিছত আবলিৰ কণ্ঠত ক্ষোভ আৰু হতাশা স্পষ্ট হৈ পৰিছিল। যোৱা ৩০ মাৰ্চত তেওঁ বাস কৰা বস্তি কলনিটোলৈ মই গৈছিলো। ‘এনেকুৱা সময়ত আমি অন্ততঃ ৰেচনৰ দোকানত খোৱা বস্তু পাব লাগে। কাম কৰা সকলো মহিলা এতিয়া ঘৰত সোমাই আছে। আৰক্ষীয়ে আমাক ঘৰৰ বাহিৰলৈ ওলাবলৈ নিদিয়ে। আমি যদি ওলাই যাব নোৱাৰো আৰু কাম নকৰো, তেন্তে আমি খাদ্যবস্তু ক্ৰয় কৰাৰ সুবিধা কেনেকৈ পাম।’ ২৩ বছৰীয়া গৰাকীয়ে কয়। ‘আমি ঘৰ কেনেকৈ চলাম, এই সমস্যাই আমাক ভীষণ বিপদত পেলাইছে। ইমান বেয়া সময়তো যদি আমি ৰেচনৰ বস্তু নাপাও, তেন্তে সেইবোৰৰ কি প্ৰয়োজন আছে। আমি যদি ৰেচনৰ বস্তু নাপাও, তেন্তে চিপজৰীলৈ ওলমি থাকিব নালাগিবনে?’ ১৯৯৫ চনত চোলাপুৰ জিলাৰ আকলেকাটি গাঁৱৰ পৰা আবলিৰ পৰিয়াল পুণেলৈ আহিছিল। যোৱা ১৬ এপ্ৰিলত আবলিৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল যদিও বিবাহ অনুষ্ঠান স্থগিত ৰাখিবলগা হয়।
সাতটা ঘৰত বাস কৰা প্ৰায় ৮৫০ জন লোক (এনজিঅ’ৰ হিচাপ মতে) কলনিটোলৈ মই আহিছিলো। মহিলাসকলে এখন সভাৰ আয়োজন কৰিছিল, ঘৰুৱা বনকৰা মহিলাসকলে খাদ্য-সামগ্ৰী আৰু টকা-পইছাৰ অনাটনৰ সমাধান বিচাৰি এই সভাৰ আয়োজন কৰিছিল। লক্ষ্মীনগৰ কলনিত বাস কৰা ১৯০ টা পৰিয়ালৰ অধিকাংশ মহাৰাষ্ট্ৰৰ আহমদনগৰ, বীড়, চোলাপুৰ আৰু লাটুৰ জিলাৰ লগতে নিকটৱৰ্তী কৰ্ণাটকৰ পৰা অহা একাংশ লোক আছে। তেওঁলোকৰ অধিকাংশ দলিত জাতৰ মাতংগ সম্প্ৰদায়ৰ লোক।
মহাৰাষ্ট্ৰৰ নৱবৰ্ষ ‘গুড়ি পাড়ৱা’ৰ আগনিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া ২১ দিনীয়া তলাবন্ধৰ ঘোষণা কৰিছিল, তেতিয়া এই কথা পৰিস্কাৰ হোৱা নাছিল যে ঠিক পিছদিনাৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী পোৱা যাবনে নাযায়। মানুহবোৰে দোকানত হেচা-ঠেলা কৰি যি পায় তাকে ক্ৰয় কৰিছিল, কিন্তু ইতিমধ্যে বয়বস্তুৰ মূল্য আকাশলংঘী হৈ পৰিছিল।
পৰৱৰ্তী সময়ত চৰকাৰে ঘোষণা কৰিলে যে খাদ্য তথা আন অত্যাৱশ্যকীয় সামগ্ৰী পোৱা যাব আৰু যিবোৰ পৰিয়াল দৰিদ্ৰ সীমাৰ তলৰ লোকসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে তিনিমাহৰ বিনামূলীয়া ৰেচন অতিৰিক্তভাৱে পাব।




