“মোৰ জীৱন কাহিনী ক’বলৈ আপোনাক বিশ্বাসত ল’ব পাৰোনে?”
আপোনালৈ প্ৰক্ষেপিত হ’বপৰা এয়া আছিল এক লুকঢাক নকৰা আৰু প্ৰত্যাহ্বানেৰে ভৰা অৱশ্যম্ভাৱী প্ৰশ্ন। আকৌ প্ৰশ্ন কৰোঁতাজনৰ হাতত প্ৰশ্ন কৰাৰ উচিত কাৰণো আছে। তামিলনাডুৰ বিল্লুপুৰম জিলাৰ এখন অখ্যাত গাঁৱৰ জননীয়ে (নাম সলোৱা হৈছে) “যক্ষ্মাই সমূলি সলনি কৰি দিয়া” তেওঁৰ জীৱন কাহিনী কৈছে।
তেওঁৰ বিয়া হোৱাৰ ডেৰ বছৰ হৈছিল আৰু যক্ষ্মাৰোগত আক্ৰান্ত হোৱাৰ সময়ত তেওঁৰ কোলাত চাৰিমহীয়া কেঁচুৱা এটা আছিল। “সেয়া আছিল ২০২০ৰ মে’ মাহ আৰু তাৰ এমাহ আগতে মোৰ গাত উপসৰ্গই দেখা দিছিল (দীৰ্ঘদিনীয়া কাহ আৰু জ্বৰ)।” যেতিয়া আটাইবোৰ পৰীক্ষা কৰি একো ধৰা নপৰিল, ডাক্তৰে তেওঁক যক্ষ্মাৰ পৰীক্ষাৰ পৰামৰ্শ দিলে। “যেতিয়া তেওঁলোক নিশ্চিত কৰি ক’লে যে মোৰ যক্ষ্মাৰোগ হৈছে, মই ভাগি পৰিলো। মই চিনা-পৰিচিতি থকা কাৰো এনে হোৱা নাছিল আৰু মোৰ ক্ষেত্ৰত এনে হ’ব পাৰে বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো।”
“মোৰ গাঁৱত এই ৰোগবিধক ইমানেই নিন্দাৰ চকুৰে চোৱা হয় যে সকলো সামাজিক সম্পৰ্ক নাইকিয়া হৈ পৰে, গালৈ বিয়পিব বুলি সকলোৱে ভয় কৰে!”
সেই দিন ধৰি ২৭ বছৰীয়া জননীক এসময়ত মৰম কৰা গিৰীয়েকজনেও তেওঁৰ গালৈ বেমাৰ আহিব বুলি কথাই কথাই দুৰ্ব্যৱহাৰ কৰা হ’ল। “তেওঁ মোক মানসিক আৰু শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ ধৰিলে। আমাৰ বিয়াৰ এবছৰ আগতে তেওঁৰ মাক ঢুকাল, বৃক্কৰোগজনিত জটিলতাত পৰি তেওঁ ঢুকাইছিল। কিন্তু তাৰ দোষো মোৰ ওপৰত স্বামীয়ে জাপি দিবলৈ ধৰিলে।”
সেই সময়ত গুৰুতৰ সংকটত থকা একমাত্ৰ ব্যক্তিজন আছিল জননী নিজেই।
সোঁচৰা ৰোগৰ ভিতৰত যক্ষ্মা ৰোগৰ ফলতে ভাৰতত আটাইতকৈ বেছি মানুহ মৃত্যুমুখত পৰে।










