এছ ৰামাস্বামীয়ে মোক তেওঁৰ পুৰণি লগৰীয়াজনৰ সৈতে পৰিচয় কৰোৱালে। তেওঁৰ লগৰীয়াজনক চাবলৈ কিমানযে মানুহ আহে: টিভি চেনেলৰ মানুহ, আই.এ.এছ., আই.পি.এছ. আৰু কত কিমান মানুহ, তেওঁ তাকে লৈ গৌৰৱ কৰে। গৌৰৱ নকৰিবনো কিয়, তেওঁ যে তেওঁৰ ভি.আই.পি. লগৰীয়াজনৰ কথা কৈ আছে।
তেওঁৰ লগৰীয়াজন হৈছে ২০০ বছৰ পুৰণি এডাল গছ: মালিগামপাট্টুৰ সেই মহান আইৰামকাচি গছডাল।
আইৰামকাচি এডাল পালা মাৰাম গছ, মানে কঠালৰ গছ। ইমান বহল, ওখ আৰু ফলদায়ী গছ যে সেইডালৰ চাৰিওফালে ঘুৰিবলৈ ২৫ ছেকেণ্ড সময় লাগে। সেউজীয়া ৰঙৰ এশমান ফল গছডালৰ প্ৰাচীন গাগছৰ পৰা ওলমি আছে। গছডালৰ সন্মুখত থিয় হোৱাটো এক সন্মানৰ কথা। গছডালৰ চাৰিওফালে খোজ কাঢ়িব পোৱাটো এক বিশেষ অনুগ্ৰহ। ৰামাস্বামীয়ে মোৰ ফালে চাই মিচিকিয়াই হাঁহিছে। এক সুখপ্ৰদ আৰু গৌৰৱৰ ভাৱে তেওঁৰ চকুত তিৰবিৰ কৰিছে। ৭১ বছৰ বয়সত তেওঁ বহু দৰ্শকক এনেদৰে অভিভূত হৈ পৰা দেখিছে। তেওঁ আৰু অলপ কথা যোগ দিছে…
“আমি আছো কুৰালোৰ জিলাৰ পানৰুটি উন্নয়ন খণ্ডৰ মালিগামপাট্টু ক্ষুদ্ৰ গাঁৱত,” ৰঙচুৱা ধুতি আৰু কান্ধত এখন বগা গামোচা লৈ তেওঁ সেই বৃহদাকাৰ গছজোপাৰ তলত ৰৈ কৈ গ’ল। “এই গছজোপা মোৰ পুৰ্বপুৰুষে ৰুইছিল, পাঁচটা প্ৰজন্মৰ আগতে। আমি গছডালক আইৰামকাচি মানে সহস্ৰ ফলদাতা বুলি কওঁ। এতিয়া অৱশ্যে বছৰত ২০০ৰ পৰা ৩০০ ফল ধৰে আৰু ৮ৰ পৰা ১০ দিনত পকে। কোঁহবোৰ বৰ সোৱাদলগা, ৰংটোও আকৰ্ষণীয় আৰু নপকা কোঁহবোৰে বিৰিয়ানি কৰি খাব পাৰি।” আৰু আধামিনিট সময় তেওঁ গছডালৰ গুণ বখানিলে। গছডালৰ দৰে তেওঁ কথাবোৰো সময়ৰ লগে লগে পৰিপক্ক হৈ উঠিছে।


















