‘আমি গোপন পথ এটাৰে ঘৰৰ পৰা ওলাই গ’লো। কিন্তু আমি কি কৰিম? অন্ততঃ আমাৰ লগত পাচি তৈয়াৰ কৰা কেঁচামাল থকাহেঁতেন, আমি ঘৰত বহি পাচি তৈয়াৰ কৰি বিক্ৰীৰ বাবে সাজু কৰিলোহেঁতেন।’ তেলাংগনাৰ কাঙাল গাঁৱৰ পাচি তৈয়াৰ কৰা এদল লোকে কয়। তেওঁলোকৰ গোপন পথ? সেইটো পথত পুলিচৰ বাধাও নাই আৰু গাওঁবাসীয়ে কাইটীয়া গছৰ ডালেৰে বন্ধ কৰি ৰখাৰ সমস্যাও নাই।
৪ এপ্ৰিলত নেলিগুন্ধাৰশি ৰামুলাম্মাই চাৰিগৰাকী মহিলা আৰু এজন পুৰুষক লগত লৈ এখন অটোৰিক্সাৰে পুৱা প্ৰায় ৯ বজাত কাঙাল গাঁৱৰ পৰা ৭ কিলোমিটাৰ দূৰত থকা সৰু গাওঁ ৱেল্লিদান্দুপাড়ালৈ গ’ল। তাৰ পৰা খেজুৰ গছৰ পাত আনিবলৈ গৈছিল। খেজুৰ গছৰ পাতেৰে তেওঁলোকে পাচি তৈয়াৰ কৰে। তেওঁলোকে সাধাৰণতে ৰাজহুৱা মাটিত থকা বা কোনো লোকৰ পথাৰৰ পৰা খেজুৰ পাত সংগ্ৰহ কৰে। কৃষকৰ পৰা ল’লে তেওঁলোকক দুই-এটা পাচি দিব লাগে।
কাঙালৰ পাচি তৈয়াৰ কৰা লোকৰ বাবে মাৰ্চৰ পৰা মে’ মাহৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। তেলাংগনাৰ চৰকাৰী তালিকাভুক্ত অনুসূচিত জনজাতিৰ য়েৰুকুলা সম্প্ৰদায়ৰ এইসকল লোকে এই সময়খিনিত বিক্ৰীৰ বাবে পাচি বনোৱা সামগ্ৰী সাজু কৰে। এই কেইমাহমানৰ প্ৰখৰ ৰ’দৰ তাপত তেওঁলোকে খেজুৰ পাতবিলাক শুকুৱাই লয়।
বছৰৰ আন সময়খিনিত তেওঁলোকে কৃষিশ্ৰম কৰি দৈনিক ২০০ টকা মজুৰী লাভ কৰে। কপাহ চপোৱাৰ সময়ত- ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে কিছুমানে এদিনতে ৭০০-৮০০ টকা পৰ্যন্ত উপাৰ্জন কৰে। কিন্তু কাম পোৱাৰ ওপৰত নিৰ্ভৰ কৰি গোটেই সময়খিনিত মাজে মাজে কাম কৰি যায়।
পাচি বিক্ৰীৰ পৰা হোৱা উপাৰ্জন এইবাৰ ক’ভিড-১৯ তলাবন্ধৰ বাবে একেবাৰে স্থবিৰ হৈ পৰিল। ‘যিসকলৰ টকা আছিল, তেওঁলোকৰো শেষ হ’ল। আমাৰ নাই, সেইকাৰণে আমি (খেজুৰপাত বিচাৰি) ওলাই আহিছো। এনেয়ে কিয় এনেকৈ ওলাই আহিম?’ প্ৰায় ৭০ বছৰ বয়সীয়া ৰামুলাম্মাই কয়।







