ক’ভিড-১৯ তলাবন্ধৰ কাৰণে তেহাট্টা গাঁৱৰ চাতোৰপাৰাত থকা নিয়মীয়া বজাৰ বন্ধ হোৱা বাবে পশ্চিমবংগৰ নাডিয়া জিলাৰ এই গাওঁখনৰ দত্তপাৰা এলেকাৰ মুকলি ঠাইত পুৱা ৬ বজাৰ ১০ বজাৰ ভিতৰত এখন অস্থায়ী বজাৰ আৰম্ভ হৈছে। পশ্চিমবংগ চৰকাৰে যোৱা এপ্ৰিলত ‘হটস্পট’ এলেকাৰূপে ঘোষণা কৰা এই গাওঁখন তেহাট্টা ১ নং ব্লকত অৱস্থিত। বজাৰ চলি থকা দিনৰ আলোচিত্ৰবোৰঃ
T


Nadia, West Bengal
|THU, OCT 29, 2020
তলাবন্ধত তেহাট্টাত গঢ়ি উঠিছে অস্থায়ী বজাৰ
যি বজাৰৰ ওপৰত নিৰ্ভৰ কৰি মানুহবোৰ চলিছিল, এতিয়া সেই বজাৰ বন্ধ হৈ পৰাত ৰোগৰ প্ৰাদূৰ্ভাৱ বেছি থকা এলেকাৰ মানুহে নতুন পৰিস্থিতিৰ লগত খাপ খাবলৈ শিকিছে। পশ্চিমবংগৰ নাডিয়া জিলাৰ বিক্ৰেতাসকলে শাক-পাচলি আৰু আন সতেজ উৎপাদিত সামগ্ৰী বিক্ৰি কৰিবলৈ অস্থায়ী বজাৰৰ সৃষ্টি কৰিছে
Author
Translator

Soumyabrata Roy
৪৮ বছৰীয়া প্ৰশান্ত মণ্ডলে পুৱা দাল-পুৰি আৰু সন্ধিয়া সময়ত আলু বোন্দা বিক্ৰী কৰি আহিছে। কিন্তু তলাবন্ধৰ বাবে পথৰ দাঁতিৰ খাদ্যৰ ওপৰত জাৰি কৰা কঠোৰ নীতি-নিয়মৰ বাবে তেওঁ শাক-পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। দৈনিক ৪০০ কাৰ উপাৰ্জন গুছি এতিয়া কোনো মতে ১৫০ টকা হয়। “মই শাক-পাচলিৰ ব্যৱসায়ৰ লগত অভ্যস্ত নহয়,” তেওঁ কয়

Soumyabrata Roy
৫৬ বছৰীয়া শাক-পাচলি ব্যৱসায়ী ৰাম দত্তই শান্তি হালদাৰৰ পৰা নেমু-চাহ কিনিছে। তেওঁৰ দৈনিক ৩০০ টকাৰ উপাৰ্জন এতিয়া আধালৈ নামিছে, “আগতেও মোৰ বিক্ৰী খুব বেছি নহৈছিল, এতিয়া আৰু বেয়া হৈছে।” যোৱা ২০ বছৰ ধৰি ৪৮ বছৰীয়া শান্তি হালদাৰে ঝালমুৰি (পশ্চিমবংগৰ পথৰ দাঁতিত বিক্ৰী কৰা এবিধ লঘু আহাৰ) বিক্ৰী কৰি আহিছে। কিন্তু ৰন্ধা বা প্ৰস্তুত কৰা খাদ্যৰ ওপৰত তলাবন্ধৰ বাবে জাৰী কৰা নিষেধাজ্ঞাৰ বাবে তেওঁ চাহ বিক্ৰী কৰে। তেওঁৰ দৈনিক উপাৰ্জনো ২৫০-৩০০ টকাৰ পৰা ১০০-১৫০ টকালৈ হ্ৰাস পাইছে

Soumyabrata Roy
সুখেন (বাওঁফালে) আৰু প্ৰসেনজিৎ হালদাৰ (বাওঁফালে) ভাই-ককাই। সুখেনে এখন ৰেষ্টুৰেণ্টত ৰান্ধনিৰ কাম কৰি মাহে ১০,০০০ টকা উপাৰ্জন কৰিছিল, কিন্তু এতিয়া দিনে কোনোমতে ২০০ টকা উপাৰ্জন কৰে। সেয়াও অনিশ্চিত। প্ৰসেনজিৎ ৰাজমিস্ত্ৰীৰ যোগালী হিচাপে অংশকালীন কাম কৰে আৰু মীনপালন পাম এখনতো কাম কৰে। দুয়োটা উৎসৰ পৰা তেওঁ দিনে প্ৰায় ২৫০ টকা উপাৰ্জন কৰিছিল। মৎস্য পালন পামৰ পৰা দুই-এটা মাছ আনিব পাৰিছিল। তলাবন্ধৰ সময়ত সেয়াও বন্ধ হৈ পৰিল

Soumyabrata Roy

Soumyabrata Roy
বাওঁফালেঃ সমবায় কৃষি উন্নয়ন সমিতি বজাৰ (এতিয়া তলাবন্ধৰ কাৰণে বন্ধ)ত নিয়মীয়াকৈ যোৱা ২৩ বছৰ ধৰি ৪৭ বছৰীয়া প্ৰফুল্ল দেৱনাথ সাধাৰণতে আনে কৰিবলৈ বেয়া পোৱা ধৰণৰ কাম কৰি আহিছে। তেওঁ গ্ৰাহকৰ ঘৰত দিবলগীয়া বস্তা কঢ়িয়ায় আৰু গাড়ীৰ পৰা দোকানলৈ বস্তু কঢ়িয়াই নিয়ে। প্ৰত্যেক শাক-পাচলিৰ দোকানীৰ পৰা ২ টকা আৰু আন দোকানৰ পৰা দিনে ১ টকাৰ বিনিময়ত তেওঁ গোটেই বজাৰখন ঝাড়ু মাৰে। এতিয়া বজাৰখন দত্তপাৰালৈ উঠাই নিয়াৰ ফলত তেওঁৰ এই সামান্য উপাৰ্জনো আধা হৈ পৰিল, অৱশ্যে কিছুমান শাক-পাচলিৰ ব্যৱসায়ীয়ে দেৱনাথক পুৱাৰ চাহ-জলপান আৰু দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰি দিয়ে। “মই যদি চাফা নকৰো, বজাৰখন লেতেৰা হৈ থাকিব,” তেওঁ কয়। “মই যদি বজাৰখন চাফা কৰো সকলোৱে মোৰ নাম জানিব, মোৰ নিচিনাকৈ কোনেও কাম নকৰে”

Soumyabrata Roy
যেতিয়াৰে পৰা বজাৰখন মাত্ৰ কেইঘণ্টামানৰ কাৰণে খুলিবলৈ ল’লে, বহুতে একেবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত সামগ্ৰী ক্ৰয় কৰে। তেতিয়া সস্তাত পাব বুলি ভাবে। ৫০ বছৰীয়া খোকা ৰয় এজন কাঠমিস্ত্ৰী, তেওঁ ঘৰতে এখন সৰু গেলামালৰ দোকানো খুলিছে, কিন্তু এতিয়া তলাবন্ধৰ বাবে বজাৰত বিক্ৰী বন্ধ হৈ পৰিছে। দিনে ৪০০-৫০০ টকাকৈ কৰা উপাৰ্জন এতিয়া ২০০-২৫০ টকালৈ সংকুচিত হৈছে। “আৰক্ষীয়ে তহল দি থকাৰ বাবে মানুহ ঘৰৰ পৰা নোলায়,” তেওঁ কয়। “আপুনি কওঁক, আমি কেনেকৈ শাক-পাচলি বিক্ৰী কৰিম?”

Soumyabrata Roy
পৰিমল দালালৰ দোকানৰ পৰা গ্ৰাহকে শাক-পাচলি ক্ৰয় কৰিছে। ৩০ বছৰ ধৰি এই কাম কৰাৰ পিছত ৫১ বছৰ বয়সীয়া পৰিমল আনতকৈ বেছি আত্মবিশ্বাসী, আৰু কয়, “মোৰ ব্যৱসায়ৰ বিশেষ সালসলনি হোৱা নাই। মোৰ লগত চিনাকি গ্ৰাহকসকল ইয়ালৈও আহে”

Soumyabrata Roy
কাৰ্তিক দেৱনাথে কণী, আদা, পিয়াজ, জলকীয়া, নহৰু আৰু আন শাক-পাচলি বিক্ৰী কৰে। তেওঁৰ বয়স ৪৭ বছৰ। তিনি দশক ধৰি তেওঁ এই কাম কৰি আহিছে। “মোৰ ব্যৱসায় ভাল চলিছে, আনকি এতিয়া নতুন গ্ৰাহক কিছুমানো আহিব ধৰিছে,” তেওঁ কয়

Soumyabrata Roy

Soumyabrata Roy
বাওঁফালেঃ ৪৫ বছৰীয়া খাকোন প্ৰামাণিকে মূৰ্গী মাংস বিক্ৰী কৰে আৰু মাজে-সময়ে নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰিবলৈ আন ৰাজ্যলৈ যায়। এতিয়া মূৰ্গী ব্যৱসায় আৰু নিৰ্মাণক্ষেত্ৰৰ কাম এটাও নোহোৱা হ’ল। সোঁফালেঃ ভৰত হালদাৰ, তিনি বছৰ আগতে মাছ বেচিবলৈ আৰম্ভ কৰা ৬২ বছৰীয়া হালদাৰে মিস্ত্ৰীৰ যোগালিৰ কাম কৰিছিল, আশা কৰিছিল অধিক উপাৰ্জন কৰিব। তলাবন্ধৰ সময়ত দিনে প্ৰায় ২৫০ টকাৰ উপাৰ্জন গুছি ২০০ টকাৰো কম হ’বলৈ ধৰিলে বুলি তেওঁ কয়। মাছৰ যোগানো অনিশ্চিত। “তলাবন্ধৰ বাবে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ অহা বন্ধ হ’ল,” তেওঁ কয়। “সেয়ে এতিয়া স্থানীয় পুখুৰী আৰু নদীৰ মাছ (যথেষ্ট কম পৰিমাণৰ) ইয়াত এতিয়া বিক্ৰী কৰা হয়”

Soumyabrata Roy
৬২ বছৰীয়া শ্ৰীধাম মণ্ডলে কলৰ ব্যৱসায় কৰে। “বিক্ৰী একেবাৰে হ্ৰাস পাইছে (তলাবন্ধৰ সময়ত),” তেওঁ কয়

Soumyabrata Roy
৫৬ বছৰীয়া সাধু শ্বেইখে নতুন বজাৰখনৰ এচুকত এডোখৰ ঠাই পাইছে, ঠাইখন আন বেপাৰীৰ পৰা অলপ নিলগত। তেওঁৰ নিজৰ ক্ষুদ্ৰ খেতিৰ পৰা উৎপাদিত আম আৰু শাক-পাচলি বিক্ৰী কৰিছে

Soumyabrata Roy
ৰ’দৰ তাপৰ পৰা ৰক্ষা পাবলৈ অস্থায়ী চালিঘৰত এখন প্লাষ্টিক লগাব নোৱাৰি ৫৮ বছৰীয়া সদানন্দ ৰয়ে মুকলি পথাৰৰ মাজতে ছাতি এটা মেলি লৈ বহিছে। তেওঁ দিল্লীত ঘৰুৱা কৰ্মীৰূপে কাম কৰিছিল। তলাবন্ধৰ ঠিক আগতে ঘৰলৈ ঘূৰি আহিল। অলপমান শাক-পাচলি বিক্ৰী কৰি পোৱা টকা তেওঁৰ একমাত্ৰ উপাৰ্জন। খুব বেছি দিনে ৫০-১০০ টকা উপাৰ্জন হয়। “মই ইয়ালৈ সদায় নাহো কাৰণ কেইদিনমান বিক্ৰী কৰিবলৈ মই শাক-পাচলি পোৱা নাছিলো। ভৱিষ্যতে কি হ’ব, মই নাজানো,” তেওঁ কয়
অনুবাদঃ পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/তলাবন্ধত-তেহাট্টাত-গঢ়ি-উঠিছে-অস্থায়ী-বজাৰ

