২০১৯ৰ মাৰ্চত ইয়ৰপ্পা বাৱগেয়ে বেংগালুৰুত প্ৰকল্প পৰিচালক হিচাপে কাম পাইছিল, এবছৰৰ পিছত লকডাউনৰ বাবে যে তেওঁ সেই চাকৰিটো হেৰুৱাব, তেওঁ কেতিয়াও ভবা নাছিল, জনাৰ কোনো উপায় নাছিল। এইটোও জনা নাছিল যে ২০২০ৰ জুনত তেওঁ উত্তৰ-পূব কৰ্ণাটকৰ বিদৰ জিলাৰ তেওঁৰ গাঁও কামথানাত চলি থকা এমজিএনৰেগা ছাইটত কাম কৰিব।
তেওঁ কয়, “এমাহ ঘৰত হাত সাবতি বহি থকাৰ পিছত এপ্ৰিলত এনৰেগা প্ৰক্ৰিয়াটো বুজিবলৈ চেষ্টা কৰিলোঁ, যাতে পৰিয়ালটো পুহিব পাৰো। লকডাউন ঘোষণাৰ সময়ত আমাৰ হাতত পইচা বুলিবলৈ বিশেষ নাছিল। লকডাউনৰ কাৰণে পামৰ মালিকবোৰে কামলৈ শ্ৰমিকক আনিব নোৱাৰা হোৱাত মায়েও কাম নোপোৱা হৈছিল।”
বহু কষ্ট আৰু বাঢ়ি অহা ঋণৰ বোজাৰ বিনিময়ত আৰু পৰিয়ালটোৰ সদস্যবৰ্গৰ সহায় আৰু দৃঢ়তাৰ বলত পোৱা শিক্ষাৰে অৰ্জা চাকৰিটো লকডাউনত তেওঁ হেৰুৱাইছিল। চাকৰিটো আছিল পৰিয়ালটোৰ দীৰ্ঘদিনীয়া ঋণৰ বোজাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায়।
ইয়ৰপ্পাই ২০১৭ৰ আগষ্টত ব্যক্তিগত কলেজৰ পৰা বি.টেক. ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু তাৰ পূৰ্বে ২০১৩ চনত চৰকাৰী পলিটেকনিকৰ পৰা অটোম’বাইল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা সম্পূৰ্ণ কৰিছিল, দুয়োটা ডিগ্ৰী তেওঁ বিদৰ চহৰত সম্পূৰ্ণ কৰিছিল। ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ আগেয়ে আঠ মাহ ধৰি তেওঁ খেতিৰ যন্ত্ৰপাতি নিৰ্মাণ কৰা পুনেৰ এটা বহুজাতিক কোম্পানীত কাৰিকৰী প্ৰশিক্ষাৰ্থী হিচাপে কাম কৰিছিল, দৰমহা আছিল মাহে ১২ হাজাৰ টকা। “মই এজন ভাল ছাত্ৰ আছিলো, ভাবিছিলো যে মই গুৰু দায়িত্ব ল’ব পাৰিম আৰু অধিক ধন উপাৰ্জন কৰিব পাৰিম। ভাবিছিলো, এদিন মোকো মানুহে অভিযন্তা বুলিব,” ২৭ বছৰীয়া ইয়ৰপ্পাই কয়।
তেওঁৰ শিক্ষাৰ বাবে তেওঁৰ পৰিয়ালে কেইবাটাও ঋণ লৈছিল। তেওঁ কয়, “[বি.টেক.ৰ] তিনি বছৰত মোক প্ৰায় ডেৰ লাখ টকাৰ প্ৰয়োজন হৈছিল। “কোনো কোনো সময়ত মা-দেউতাই স্থানীয় আত্মসহায়ক গোটৰ পৰা কেতিয়াবা ২০ হাজাৰ, কেতিয়াবা ৫০ হাজাৰ টকা লৈছিল।” পঞ্চম ষান্মাসিকত থাকোঁতে ২০১৫ৰ ডিচেম্বৰত তেওঁৰ ৪৮ বছৰীয়া পিতৃৰ জণ্ডিচ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে আত্মসহায়ক গোট আৰু আত্মীয়-স্বজনৰ পৰা প্ৰায় ১.৫ লাখ টকা ধাৰে লৈছিল। ইয়ৰপ্পাই কয়, “মই ডিগ্ৰী সম্পূৰ্ণ কৰাৰ সময়লৈকে মোৰ কান্ধত বহু দায়িত্ব আহি পৰিছিল।”
তেওঁ বেংগালুৰুত প্লাষ্টিক মল্ডিং মেচিন বনোৱা এটা সৰু ইউনিটত প্ৰজেক্ট মেনেজাৰ হিচাপে ২০ হাজাৰ টকা দৰমহাৰ চাকৰি পোৱাত তেওঁৰ পৰিয়ালটো সুখী হৈ পৰিল। সেয়া ২০১৯ৰ মাৰ্চৰ কথা। “মই মালৈ প্ৰতিমাহে ৮,০০০-১০,০০০ টকা পঠিয়াইছিলো। কিন্তু লকডাউনে সকলো শেষ কৰি দিলে,” তেওঁ কয়।










