সময়ৰ লগে লগে তামেজুদ্দিন ধুবুৰীৰ এগৰাকী সুপৰিচিত প্ৰমুখ দুগ্ধ উত্পাদক হিচাপে জনাজাত হলত, জিলা প্ৰশাসনে দুগ্ধপাম বিষয়ক কৰ্মশালাত কৃষিকৰ্মৰ বিষয়ে শিকাবৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱা আৰম্ভ কৰিলে। তদুপৰি এতিয়া তেওঁ চালাকুৰা মিলন দুগ্ধ উত্পাদক সমবায় সমিতিৰো মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে। সমিতিখন চৰৰ পাঁচখন একে ধৰণৰ সমিতিৰ মাজৰে এখন।
ধুবুৰী জিলাৰ চৰত থকা দুগ্ধপামবোৰ চৰকাৰী বিষয়াই প্ৰায়েই সফলতাৰ কাহিনী হিচাপে উপস্থাপন কৰে ঠিকেই, কিন্তু গৰাখহনীয়াত কবলত পৰি ক্ৰমান্বয়ে ঘৰ-মাটি হেৰুৱাবলৈ ধৰা সেইসকলৰ লোকৰ বাস্তৱিক জীৱনটো খুবেই সংকটাপন্ন। গৰু-মহৰ খাদ্য কমি অহাৰ ফলত দুগ্ধপামকেই জীৱিকা হিচাপে লোৱা বহুতৰে জীৱনলৈ ভাবুকি নামি আহিছে।
২০১৬ চনলৈকে কেন্দ্ৰই অসম চৰকাৰলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাযোগে যোগান ধৰা ঘেঁহু স্থানীয়ভাৱে মিলত বনা হৈছিল আৰু ৬০০ টকা প্ৰতি কুইণ্টল হিচাপে সাহায্যপ্ৰাপ্ত দামত দুগ্ধপামৰ পালকসকললৈ গৰু-মহৰ পশুখাদ্য হিচাপে যোগান ধৰা হৈছিল, ধুবুৰীৰ জিলা পশুচিকিত্সা বিষয়া দীনেশ গগৈয়ে বিতংকৈ বুজাই ক'লে। উদাহৰণ স্বৰুপে তামেজুদ্দিনৰ পৰিয়ালে মাহিলী ২৫ কুইণ্টল সাহায্যপ্ৰাপ্ত ঘেঁহু লাভ কৰিছিল।
২০১৫ চনৰ ডিচেম্বৰ মাহত অসম চৰকাৰৰ অনুৰোধ মৰ্মে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে ৰাজ্যৰ মাহিলী আৱণ্টনত সংশোধন কৰি অন্তোদয়া অন্ন যোজনা ('অগ্ৰাধিকাৰ' শিতান হিচাপে)ৰ অধীনত কেৱল চাউলৰ কথাহে বিবেচনা কৰিলে আৰু ঘেঁহু দিয়াৰ ব্যৱস্থা কৰোৱা হ'ল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (নেশ্যনেল ফুড চিকিউৰিটি এক্ট চমুকৈ এনএফএছএ, 'টাইড অভাৰ' শিতানত)ৰ অধীনত। অসমে এনেদৰে ৬১০ টকাত মাহে ৮,২৭২ টন ঘেঁহু পালে, আৰু ২০১৬ বৰ্ষৰ জুলাই মাহৰ পিছত ৫,৭৮১ টন পোৱা হ'ল।
কিন্তু ২০১৬ চনৰ ডিচেম্বৰ মাহৰপৰা এনএফএছএৰ অধীনত ৰাজ্যখনে ঘেঁহুৰ এটা দানাও পোৱা নাই। মন্ত্ৰালয়ে ৰাজ্য চৰকাৰলৈ ২০১৬ চনৰ ৩০ নবেম্বৰত লিখিলে, "কেন্দ্ৰীয় পুলত ঘেঁহুৰ নাটনি হোৱা হেতুকে ভাৰত চৰকাৰে ঘেঁহুৰ পৰিৱৰ্তে ৰাজ্যসমূহক টাইড অভাৰ শিতানৰ অধীনত ২০১৬ বৰ্ষৰ ডিচেম্বৰ মাহৰপৰা ২০১৭ বৰ্ষৰ মাৰ্চ মাহলৈ চাউল যোগান ধৰিব।"