সংগীতজ্ঞগৰাকীৰ নাম শ্ৰীলাল চাহানী যদিও স্থানীয় লোকে তেওঁক লাখপতিবাবু বুলিয়ে জানে৷ ঘৰ তেওঁৰ পশ্চিমবংগৰ বলপুৰত৷ চাইকেল চলাই গৈ থকা অৱস্থাতে দুয়োহাতে পিছফালে কেৰিয়াৰত বান্ধি লোৱা ঢোল আৰু তাল দুয়োটাই বজাই পথচাৰীক আমোদ দিবপৰা তেওঁৰ এক বিশেষ প্ৰতিভা আছে৷
যোৱা ২৭ বছৰে শ্ৰীলালে তেওঁৰ চাইকেলত প্ৰতিদিনে দুবাৰকৈ সংগীত পৰিৱেশনৰ বাবে পাক মাৰে৷ এবাৰ পুৱা শান্তিনিকেতনৰ বজাৰত মাছ বিক্ৰী কৰিবলৈ বজাৰলৈ ছয় কিলোমিটাৰ বাট পেদেল মাৰোতে আৰু এবাৰ আবেলি ঘুৰি অহাৰ সময়ত শান্তিনিকেতনৰ বাটে-ঘাটে৷



